নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰত ১০০ কোটি গছপুলি ৰোপণৰ সংকল্প

নিয়মীয়া বাৰ্তা ২৮ জুনঃ  গোলকীয় উষ্ণতাৰ মোকাবিলা কৰিবলৈ ইউক্রেইনে আগন্তুক তিনি বছৰৰ ভিতৰত দেশখনত ১০০ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছে৷ দেশখনৰ ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ এটা দশকৰ ভিতৰত দেশখনে ১০ হেক্টৰ ভূমি অৰণ্য অঞ্চল হিচাপে পুনৰ গঢ়ি তুলিব৷ লক্ষণীয়ভাৱে ইউৰোপীয় সংঘৰ ২৭খন দেশে ২০৩০ চনৰ ভিতৰত মুঠ ৩০০ কোটি গছপুলি ৰোপণ কৰি অভিলেখ গঢ়াৰ সংকল্প লৈছে৷ ইউক্রেইনে তিনি বছৰৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণ কৰিলেও দেশখনৰ পৰিৱেশৰ বিশেষ উন্নতি নহ’ব বুলি উল্লেখ কৰিছে সেউজ বিশেষজ্ঞসকলে৷ স্মর্তব্য যে ইউক্রেইনৰ ৭০ শতাংশ ভূমি কৃষি কার্যৰ বাবে ব্যৱহাৰ হয়৷ ইউৰোপৰ ভিতৰতেই এয়া অভিলেখ৷ বিভিন্ন সময়ত দেশখনৰ অৰণ্য অঞ্চল ধ্বংস কৰি তাত কৃষি কার্য চলাই আহিছে জনসাধাৰণে৷ পূর্বৰ কমিউনিষ্ট শাসনত কৃষিৰ উৎপাদনত গুৰুত্ব প্রদান কৰাৰ ফলতেই ব্যাপক হাৰত অৰণ্য অঞ্চল ধ্বংস হয় ইউক্রেইনত৷

You might also like