৩১ জুলাইত পুনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ
বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ইউজিচিক জাননী
নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাটো বাধ্যতামূলক হিচাপে ইউজিচি (ইউনিভার্ছিটী গ্রাণ্ট কমিছন)ৰ নির্দেশনাক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে ইউ জি চিলৈ জাননী জাৰি কৰিছে৷ এই আবেদনৰ শুনানি অহা ৩১ জুলাইত পুনৰ গ্রহণ কৰা হ’ব৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ, আৰ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে দেশৰ বিভিন্ন প্রান্তৰ বিশ্ববিদ্যালয়ৰ ৩১গৰাকী শিক্ষার্থীয়ে ইউ জি চিয়ে ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত চূড়ান্ত পৰীক্ষা সম্পূর্ণ কৰা বাধ্যতামূলক নির্দেশনাক প্রত্যাহ্বান জনোৱা আবেদনৰ শুনানি আজি গ্রহণ কৰে৷ মহামাৰী ক’ভিড–১৯ৰ সংহাৰ আৰু অসমকে ধৰি বিভিন্ন প্রান্তত বানপানীৰ হাহাকাৰৰ মাজত কিদৰে ইউজিচিয়ে পৰীক্ষা অনুষ্ঠিত কৰিব, সেই সন্দর্ভত আবেদনকাৰীৰ হৈ যুক্তি প্রদর্শন কৰে অধিবক্তাই৷ দেশৰ এনে পৰিস্থিতিৰ মাজত ইউ জি চিৰ নির্দেশনাই শিক্ষার্থীসকলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ বাধ্য কৰোৱাটো গ্রহণযোগ্য নহয় বুলি শিক্ষার্থীসকলে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনত সন্নিৱিষ্ট কৰা হৈছে৷ উল্লেখ্য যে ১৩খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ শিক্ষার্থীয়ে ইউ জি চিৰ নির্দেশনাক প্রত্যাহ্বান জনাই আবেদন দাখিল কৰিছে৷