অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি তিনি তালাক আইনৰ বার্ষিকী পালন কৰিব বিজেপিয়ে
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ মোদী ২.০ চৰকাৰৰ সাফল্যৰ খতিয়ান হিচাপে ঐতিহাসিক সিদ্ধান্ত সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি আৰু তিনি তালাক আইন বলৱতৰ বার্ষিকী দেশজুৰি পালন কৰিব বিজেপিয়ে৷ বিজেপিৰ প্রতিখন ৰাজ্যই অহা ২৮ জুলাইৰ পৰা তিনি আগষ্টলৈকে এই বার্ষিকী পালন কৰিব৷ বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক অৰুণ সিঙে পত্রযোগে প্রতিখন ৰাজ্যক ইতিমধ্যে এই কার্যসূচী পালন কৰিবলৈ নির্দেশ দিছে৷ ৰাষ্ট্রীয় সম্পাদক সিঙে প্রকাশ কৰা অনুসৰি ৰাষ্ট্রীয় পর্যায়তো এই লৈ ভার্চুৱেল ৰেলী হ’ব৷ উল্লেখ্য যে বিগত বর্ষৰ আগষ্ট মাহত বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তন কৰি জম্মু–কাশ্মীৰ আৰু লাডাখ হিচাপে দুটা কেন্দ্রীয়শাসিত অঞ্চল ঘোষণা কৰিছিল৷ তেনেদৰে মুছলিম মহিলাৰ বিবাহ সুৰক্ষাক লৈ আইন বলৱৎ কৰি তিনি তালাক নিষিদ্ধ কৰিছিল৷