তৃতীয় ৰাজনৈতিক মর্চা ৰাষ্ট্র মঞ্চ গঠনৰ তৎপৰতা এনচিপিৰ মুৰব্বী পাৱাৰৰ
আজি দিল্লীত বৈঠকঃ প্রশান্ত কিশোৰৰে আলোচনা
নিয়মীয়া বাৰ্তা ২২ জুনঃ ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে তৃতীয় মর্চা গঠন কৰাৰ প্রস্তুতি চলাইছে ৰাষ্ট্রীয়তাবাদী কংগ্রেছ পার্টী (এন চি পি)ৰ মুৰব্বী শাৰদ পাৱাৰে৷ আজি নেতাগৰাকীৰ দিল্লীস্থিত বাসভৱনত অবিজেপি ৰাজনৈতিক দলসমূহৰ এক বৈঠক আহ্বান কৰা হৈছে৷ এই বৈঠকত অংশগ্রহণ কৰিব তৃণমূল কংগ্রেছৰ নেতা যশৱন্ত সিন্হাই৷ নতুন এই ৰাজনৈতিক মর্চাৰ নাম হ’ব ৰাষ্ট্র মঞ্চ৷
উল্লেখনীয় যে এই বৈঠকলৈ আমন্ত্রণ লাভ কৰিছে সমাজবাদী পার্টী তথা অন্যান্য কেইবাটাও ৰাজনৈতিক দলে৷ আজি শাৰদ পাৱাৰে ৰাজনৈতিক তথা নির্বাচনী বিশেষজ্ঞ প্রশান্ত কিশোৰৰ সৈতে আলোচনাত মিলিত হয়৷ নতুন ৰাজনৈতিক মর্চা গঢ়ি তোলাৰ পূর্বে প্রশান্ত কিশোৰৰ পৰা বিভিন্ন পৰামর্শ গ্রহণ কৰিছে শাৰদ পাৱাৰে৷
অৱশ্যে, পাৱাৰ আৰু প্রশান্ত কিশোৰৰ আলোচনাৰ সবিশেষ তথ্য পোহৰলৈ অহা নাই৷ তথাপি নতুন ৰাজনৈতিক মর্চাত প্রশান্ত কিশোৰে গুৰুত্বপূর্ণ দায়িত্ব লাভ কৰিব বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ অবিজেপি আৰু অকংগ্রেছী তৃতীয় ৰাজনৈতিক মর্চা গঢ়াৰ বাবে পূর্বৰে পৰা বিভিন্ন দলৰ মাজত আলোচনা চলিছিল৷