৩ নৱেম্বৰতেই অনুষ্ঠিত হ’ব মার্কিন ৰাষ্ট্রপতি নির্বাচনঃ ট্রাম্প
নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ক’ভিড–১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছ মহামাৰীয়ে মৃত্যু উপত্যকাত পৰিণত কৰা আমেৰিকাত আগন্তুক ৰাষ্ট্রপতি নির্বাচন নির্ধাৰিত সময়সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব৷ ক’ভিড–১৯ৰ সংহাৰ সত্ত্বেও ৰাষ্ট্রপতি নির্বাচন পিছুৱাই দিয়াৰ কোনো সিদ্ধান্ত লোৱা নহ’ব বুলি ঘোষণা কৰিছে দেশখনৰ শীর্ষ নেতা ড’নাল্ড ট্রাম্পে৷ উল্লেখনীয় যে আগন্তুক ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থী হিচাপে মনোনীত হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে জ’ বিডেনৰ বাবে৷ বিডেনে উল্লেখ কৰিছে যে ৰাষ্ট্রপতি ট্রাম্পে নির্বাচনৰ সময়সূচী সলনি কৰিব পাৰে৷ বিডেনৰ এই বক্তব্যৰ পাছতে ট্রাম্পে উল্লেখ কৰিছে যে নির্বাচন পিছুৱাই দিয়াৰ কোনো সিদ্ধান্ত নাই৷ বিডেনে এই নির্বাচন পিছুৱাই দিয়াৰ বাবে চাপ সৃষ্টি কৰিব পাৰে বুলিহে উল্লেখ কৰিছে ট্রাম্পে৷ উল্লেখনীয় যে আগন্তুক ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাষ্ট্রপতি নির্বাচন৷ নির্ধাৰিত সময়সূচী অনুসৰি ৩ নৱেম্বৰত এই নির্বাচন অনুষ্ঠিত হ’ব লাগে দেশখনত৷ আজি সাংবাদিকৰ সৈতে মত বিনিময় কৰি হোৱাইট হাউছত ট্রাম্পে এইবুলিও কয় যে ৩ নৱেম্বৰ ভাল সংখ্যা৷ গতিকে ইয়াক সলনি কৰাৰ প্রশ্নই নুঠে৷