নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ বছৰৰ ভিতৰত সর্বাধিক ২৩.৯ শতাংশ কমিল ভাৰতৰ জিডিপি

নেচনেল ষ্টেটিষ্টিকেল অফিচৰ উদ্বেগজনক প্রতিবেদন

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ  কাল ক’ৰোনাৰ প্রকোপে মোক্ষম আঘাত হানিছে দেশৰ অর্থনীতিত৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে সমগ্র দেশতে বলৱৎ কৰা লকডাউনে কৃষিৰ পৰা উৎপাদন খণ্ড স্থবিৰ কৰি তোলাৰ পৰিণতিত বিপর্যস্ত অর্থনীতিৰ ছবিখন প্রকট হ’ল খোদ কেন্দ্রীয় চৰকাৰৰ তথ্যতে৷ ‘ষ্টেটিষ্টিকছএণ্ড প্রগ্রেম ইমপ্লিমেনটেচন মন্ত্রালয়’ৰ অধীনস্থ ‘নেচনেল ষ্টেটিষ্টিকেল অফিচ’ (এনএছ’)–এ সোমবাৰে চলিত বিত্তীয় বর্ষ অর্থাৎ ২০২০–২১ৰ প্রথম তিনি মাহ এপ্রিলৰ পৰা জুনলৈকে আর্থিক বৃদ্ধিৰ হাৰ প্রকাশ কৰিছে৷ য’ত প্রথম ত্রৈমাসিকত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ২৩.৯ শতাংশ সংকুচিত হোৱাটো স্পষ্ট হৈ পৰিছে৷ ১৯৯৬ চনৰ পৰা ত্রৈমাসিকৰ হিচাপত জিডিপিৰ হাৰ প্রকাশৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ বিগত আঢ়ৈ দশকত কেতিয়াও জিডিপিৰ হাৰ শূন্যৰ ঘৰলৈ অৱনমন হোৱা নাছিল৷ কিন্তু বিগত ৪০ বছৰৰ ভিতৰত প্রথমবাৰৰ বাবে জিডিপি বৃদ্ধি কমিল ২৩.৯ শতাংশলৈ৷ প্রধানতঃ ক’ৰোনা পৰিস্থিতিৰ বাবে জিডিপিৰ হাৰ এইদৰে অভাৱনীয়ভাৱে সংকুচিত হোৱা বুলি মন্তব্য কৰিছে অর্থনীতিবিদসকলে৷ চলিত বিত্তীয় বর্ষত প্রথম ত্রৈমাহিকৰ সময়ছোৱা লকডাউনৰ পৰিপ্রেক্ষিতত কার্যতঃ অচল হৈ পৰিছিল৷ যাৰ ফলত জিডিপি সংকোচন হোৱাৰ সমান্তৰালভাৱে আর্থিক বৃদ্ধিৰ হাৰ শূন্যৰ তলত থকাৰ আশংকা কৰা হৈছে৷ সেই আশংকাই এতিয়া বাস্তৱত পৰিণত হ’ল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০১৮–১৯ বিত্তীয় বর্ষত দেশৰ জিডিপিৰ বৃদ্ধিৰ হাৰ আছিল ৬.১ শতাংশ৷ কিন্তু ২০১৯–২০ বিত্তীয় বর্ষৰ আৰম্ভণিৰে পৰা এই হাৰ হ্রাস পাবলৈ ধৰে৷ পৰিবহণ, উৎপাদন, কৃষিৰ পৰা আৰম্ভ কৰি প্রতিটো খণ্ডলৈ নামি আহে অশনি সংকেত৷ ২০১৯–২০ বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিক (এপ্রিল–জুন, ২০১৯)ত আর্থিক বৃদ্ধিৰ হাৰত পূর্বৰ বর্ষৰ তুলনাত ৫.২ শতাংশলৈ নামি আহে৷ ইয়াৰ পিছত ছেপ্ঢেম্বৰ মাহত শেষ হোৱা দ্বিতীয় ত্রৈমাসিকত আর্থিক বৃদ্ধিৰ হাৰ হয়গৈ ৪.৪ শতাংশ৷ সেইদৰে ২০১৯ চনৰ ৩১ ডিচেম্বৰত শেষ হোৱা তৃতীয় ত্রৈমাসিকত এই হাৰ ৪.১ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে বিত্তীয় বর্ষটোৰ শেষ ত্রৈমাসিকত (২০২০ চনৰ জানুৱাৰী–মার্চ) এই হাৰ আছিল প্রায় ৩ শতাংশহে৷ সামগ্রিকভাৱে ২০১৯–২০ বিত্তীয় বর্ষত দেশৰ জিডিপিৰ হাৰ ৪.২ শতাংশত সীমাবদ্ধ থাকে৷ অকল ভাৰতৰেই নহয়, চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত ক’ৰোনা ভাইৰাছৰ মোক্ষম আঘাতে সমগ্র বিশ্বৰ অর্থনীতি তচনচ কৰি পেলাইছে৷ ইতিপূর্বৰে পৰা মন্দাৱস্থাৰ গ্রাসত থকা বিশ্বৰ অর্থনীতিক অধিক বিপর্যয়ৰ গৰাহলৈ ঠেলি দি আমদানি–ৰপ্তানি আৰু কল–কাৰখানাৰ উৎপাদন স্থবিৰ কৰি পেলাইছে৷ শোচনীয় অৱস্থাৰ সন্মুখীন হৈছে বিভিন্ন দেশৰ হোটেল–পর্যটন–বিম্ আদি পৰিসেৱাৰ লগতে বাণিজ্য খণ্ডও৷ অৱশ্যে ভাৰতৰ অর্থনীতিৰ এনে বিপর্যয়ৰ বাবে একাংশ অর্থনীতিবিদে কেৱল ক’ৰোনা ভাইৰাছৰ সংক্রমণ তথা লকডাউনকে দায়ী কৰিব বিচৰা নাই৷ তেওঁলোকৰ মতে দেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পূর্বৰে পৰাই অর্থনীতি তথা জিডিপি বৃদ্ধিৰ হাৰ মন্থৰ হৈ পৰিছিল৷ ইফালে, চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকৰ জিডিপি সম্পর্কীয় তথ্য প্রকাশৰ প্রভাৱ শ্বেয়াৰ মার্কেটতো পৰা পৰিলক্ষিত হৈছে৷ ছেনছেক্স ৮০০ পইণ্টতকৈও বেছি হ্রাস পাইছে৷ অনুৰূপ ছবিখন দেশা গৈছে নিফটিৰ ক্ষেত্রতো৷ আজিৰ দিনটোত নিফটিৰ হাৰো আছিল নিম্নমুখী৷

You might also like