নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী দিল্লীত ক্রমশঃ বৃদ্ধি ক’ৰোনাৰ সংক্রমণঃ দেশত ২৪ ঘণ্টাত আক্রান্ত ৪০,৯৫৩

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ   ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱা দেশত প্রতিদিনে বৃদ্ধি পাই আছে ক’ৰোনা সংক্রমণৰ মাত্রা৷ বিগত ২৪ ঘণ্টাত ৪০,৯৭৩ লোক মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কালিৰ তুলনাত ১,০০০ আক্রান্ত বৃদ্ধি পাইছে৷ মহাৰাষ্ট্রৰ পাছত দেশৰ ৰাজধানী নতুন দিল্লীতো সংক্রমণৰ মাত্রা বৃদ্ধি পাইছে৷ আজিৰ দিনটোত ৰাজধানী দিল্লীত ৮১৩জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ চলিত বর্ষত প্রথমবাৰৰ বাবে দিল্লীত ক’ৰোনা পজিটিভৰ হাৰ এক শতাংশ অতিক্রম কৰিছে৷ ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত দেশৰ ভিতৰত শীর্ষস্থানত থকা মহাৰাষ্ট্রত ক’ভিড–১৯ৰ সংক্রমণ প্রতিদিনে বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰাৰ নির্দেশ দিয়া হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২৭ সহস্রাধিক লোক ক’ভিডত আক্রান্ত হৈছে৷ কালিৰ তুলনাত আক্রান্তৰ সংখ্যা ২,০০০ বৃদ্ধি হৈছে৷ ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি কেইবাখনো চহৰত সপ্তাহান্তিক লকডাউন আৰু নৈশ সন্ধ্যা আইন বলৱৎ কৰা হৈছে৷

মুম্বাই চহৰত পূর্বৰ সকলো অভিলেখ ভংগৰে সংক্রমণৰ মাত্রা বৃদ্ধি পাই থকাত চহৰখনৰ জনসমাগমস্থলীত নাগৰিকৰ অনুমতি অবিহনে ক’ভিড–১৯ পৰীক্ষণ চলাব প্রশাসনে৷ বৃহত্তৰ মুম্বাই পৌৰ নিগমে নির্দেশ দিয়া মতে, চহৰখনৰ জনসমাগমস্থলীত ব্যক্তিৰ অনুমতি নোলোৱাকৈ ৰেপিড এণ্টিজেন টেষ্ট কৰিব৷ যদি কিবা কাৰণত কোনো ব্যক্তিয়ে এই পৰীক্ষণ কৰিবলৈ সাজু নহয়, তেতিয়াহ’লে তেওঁৰ বিৰুদ্ধে মহামাৰী আইন, ১৮৯৭ৰ অধীনত অপৰাধ হিচাপে গোচৰ ৰুজু কৰা হ’ব৷ তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ইপিনে, মহাৰাষ্ট্র চৰকাৰৰ কেবিনেট মন্ত্রী তথা মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেৰ পুত্র আদিত্য থাক্ৰে ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত মন্ত্রী আদিত্য থাক্ৰেই নিজকে গৃহত আইছ’লেচন কৰাৰ লগতে তেওঁৰ সংস্পর্শলৈ অহা লোকসকলক ক’ভিড–১৯ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে৷ লক্ষণীয় যে মহাৰাষ্ট্র চৰকাৰে সকলো থিয়েটাৰ গৃহ অথবা ৰাজহুৱা কার্যসূচীত ৫০ শতাংশ লোকৰ অংশগ্রহণেৰে আয়োজন কৰিবলৈ নির্দেশ দিছে৷ এই নির্দেশ অহা ৩১ মার্চলৈকে বলৱৎ হৈ থাকিব৷ আনহাতে, গুজৰাট, পঞ্জাব, মধ্যপ্রদেশ আদি ৰাজ্যতো ক’ৰোনাৰ প্রকোপ বৃদ্ধি পোৱাত আটাইকেইখন ৰাজ্যৰ গুৰুত্বপূর্ণ চহৰত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷

You might also like