নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৩ বাৰ কভিডক আক্ৰান্ত হোৱা পিছত ব্যৰ্থিত হৈ স্বামীয়ে স্ত্ৰীক ক’লে এতিয়া মোক মৰিবলৈ দিয়া

নিয়মীয়া বাৰ্তা ২৫ জুনঃ  ইংলেণ্ডৰ কৰোনা ভাইৰাছৰ এনে এটা খবৰ আহিছে যি চাৰিওফালে চৰ্চাত আছে। ইংলেণ্ডৰ ৭২ বছৰীয়া এজন ব্যক্তিৰ ৪৩ বাৰ কভিড পজিটিভ হৈছে। এই ব্যক্তিজনৰ নাম ডেভ স্মিথ। বসয়ীয়া ব্যক্তিজন ১০ মাহ ধৰি কভিড পজিটিভ হৈ আছিল।

কোনো ব্যক্তি দীৰ্ঘ সময় ধৰি কভিড পজিটিভ হোৱা প্ৰথম ব্যক্তি। ব্যক্তিজন কভিড আক্ৰান্ত হোৱাৰ পিছত হাস্পতালত ভৰ্তি হৈছিল। বিবিচিৰ সৈতে হোৱা এক সাক্ষাতকাৰত স্মিথে কৈছিল যে তেওঁৰ দেহত ইমান দিনে কভিডত ভাইৰাছ দেহত আছিল।

স্মিথে কয় যে মোৰ গাৰ পৰা শক্তি একেবাৰে নাইকিয়া হৈ গৈছিল। এদিন ৰাতি ৫ ঘণ্টা ধৰি কাহি আছিলো। জীয়াই থকাৰ আশা বাদ দিলো। নিজৰ পৰিয়ালৰ সকলো সদস্যক মাতি সিহঁতক জীয়াই নাথাকো বুলি কলো। ইমান সময় ধৰি বেমাৰ হোৱা স্মিথৰ ওজন ৬৩ কিঃগ্ৰাম কম হৈ গৈছিল। নিজৰ পত্নীক স্মিথে কৈছিল যে যদি আজি ৰাতি মোৰ মৃত্যু হয় আচৰিত নহবা।

উল্লেখ্য যে স্মিথক এণ্টি ভাইৰেল ঔষধেৰে চিকিতসা প্ৰদান কৰা হৈছিল। যেতিয়া চিকিতসকৰ পৰা খবৰ পালে যে স্মিথৰ ৰিপৰ্ট নিগেটিভ আহিছিল নিজৰ কাণৰ ওপৰত বিশ্বাস কৰা নাছিল। কভিডৰ পৰা ২৯০ দিনৰ পিছত মুক্তিৰ পিছত স্মিথৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত দুৰ্বল হৈ গৈছিল।

এতিয়া ইংৰাজ বিজ্ঞানী সকলে গৱেষণা আৰম্ভ কৰিছে কৰোনা ভাইৰাছ এজন ব্যক্তিৰ দেহৰ ভিতৰত ইমান দিন কেনেকৈ থাকিব পাৰে। বহু দিন ধৰি কভিডত আক্ৰান্ত হোৱা স্মিথে অভিলেখ স্থাপন কৰিছে।

You might also like