নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি অপৰাধীক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

২০১৩ৰ পাটনাৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ২০১৩ চনত পাটনাত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত কৰি চাৰিজন লোকৰ বিৰুদ্ধে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ আদালতে সোমবাৰে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰিছে৷ এই গোচৰটোত মুঠ ৯জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে৷ ইয়াৰে দুজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় শুনোৱাৰ উপৰি দুজনক ১০ বছৰ আৰু এজন অভিযুক্তক ৭ বছৰ কাৰাদণ্ডৰ ৰায় শুনাইছে আদালতে৷ স্মর্তব্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰাজনৈতিক সমাৱেশৰ এক স্থানত এই ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰা হৈছিল৷ তেতিয়া নৰেন্দ্র মোদী আছিল গুজৰাটৰ মুখ্যমন্ত্রী৷

স্মর্তব্য যে যোৱা সপ্তাহতে নিয়াৰ আদালতখনে এই গোচৰটোত ৯জন লোকক দোষী সাব্যস্ত কৰিছিল৷ প্রমাণিক তথ্যৰ অভাৱত এজন অভিযুক্তক মুক্তি দিছিল নিয়া আদালতখনৰ বিচাৰপতি গোৱিন্দৰ মালহোত্রাই৷ স্মর্তব্য যে তদন্তৰ সময়ত নিয়াই মুঠ ১১জন লোকৰ বিৰুদ্ধে চার্জশ্বিট দাখিল কৰিছিল৷ ২০১৩ চনৰ ২৭ অক্টোবৰত পাটনাৰ গান্ধী ময়দানত সংঘটিত হৈছিল এই ধাৰাবাহিক বিস্ফোৰণ৷ উল্লেখনীয় যে নৰেন্দ্র মোদীক প্রধানমন্ত্রী পদৰ প্রার্থী ঘোষণা কৰাৰ পিছত বিজেপিৰ এক গণ সমাৱেশত নেতাগৰাকীয়ে ভাষণ দিবলৈ যোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হৈছিল৷

You might also like