বিশেষ বাৰ্তা, ২৬ মেঃ ২০২৪-ৰ প্ৰতি লক্ষ্য কৰি কংগ্রেছে সাজু হোৱাৰ যো-জা চলাইছে। যিসময়ত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্রেছে সংগঠন সজোৱাত নামিছে, তেতিয়াই দেখা গৈছে যোৱা পাঁচ মাহত পাঁচ জন শীৰ্ষ নেতাই দল ত্যাগ কৰিছে।
কপিল ছিবালঃ
দুবছৰৰ অধিক সময় ধৰি গান্ধী পৰিয়াল তথা কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ আছিল প্রবীণ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কপিল ছিবাল। বুধবাৰে তেওঁ অখিলেশ যাদৱৰ সমর্থনত ৰাজ্যসভাত নির্দলীয় হিচাপে মনোনয়ন জমা দিছে। লগতে জনাই দিছে যে বিগত ১৬ মে’ত তেওঁ কংগ্রেছৰ পৰা ইস্তফা দিছে। কংগ্রেছৰ বিক্ষুব্ধ গোষ্ঠী জি-২৩ৰ অন্যতম আছিল জ্যেষ্ঠ আইনবিদগৰাকী।
সুনীল জাখৰঃ
পাঞ্জাব কংগ্রেছৰ প্রাক্তন সভাপতি সুনীল জাখৰেও কংগ্রেছ এৰিছে। প্রাক্তন মুখ্যমন্ত্রী চৰণজিৎ সিং চান্নিক প্রকাশ্যে সমালোচনা কৰা বাবে সুনীল জাখৰক কাৰণ দর্শাবলৈ কোৱা হৈছিল। তাৰ পাছতেই তেওঁ কংগ্রেছ এৰিছে। যোৱা সপ্তাহত তেওঁ বিজেপিত যোগ দিছে।
হার্দিক পটেলঃ
গুজৰাট কংগ্রেছৰ এইজন তৰুণ নেতায়ো শেহতীয়াকৈ দল এৰিছে। তেওঁৰ অভিযোগ, দলত ক্রমশঃ ঙেলা কৰা হৈছে তেওঁক। কেৱল সেয়াই নহয়, ২০১৭-ৰ নিৰ্বাচনত গুজৰাটত বিজেপিক প্ৰত্য়াহ্বানৰ গৰাহলৈ নিয়া পাটিদাৰ নেতাজনে কৈছে, সমস্যা লৈ যেতিয়া ৰাহুল গান্ধীৰ দ্বাৰস্থ হৈছিল তেতিয়া তেওঁ কথা নুশুনি মোবাইল ফোনত ব্যস্ত আছিল। বুজিব পাৰিছিল কংগ্রেছৰ শীর্ষ নেতৃত্ব আচলতে কিমান দায়সৰা মনোভাৱেৰে চলিছে।
অশ্বিনী কুমাৰঃ
প্রাক্তন কেন্দ্রীয় মন্ত্রী অশ্বিনী কুমাৰে কংগ্রেছ এৰিছে যোৱা ফেব্রুৱাৰীত। চাৰি দশকৰ সম্পর্ক ছিন্ন কৰি অশ্বিনী কুমাৰে কয় যে এতিয়া আৰু কংগ্রেছত থকা নাযায়। অদূৰ ভৱিষ্যতত কংগ্রেছ পতনৰ পিনে গৈছে। সেয়ে সম্মান থাকোঁতেই দল এৰি যোৱা শ্রেয়।
আৰ পি এন সিংঃ
উত্তৰপ্রদেশ নিৰ্বাচনৰ আগেয়ে প্রাক্তন কেন্দ্রীয় মন্ত্রীজনে কংগ্রেছ এৰি বিজেপিত যোগ দিছিল। তেওঁ কৈছিল দল আৰু আগৰ দৰে নাই। ৩৪ বছৰ কংগ্রেছ কৰিছে এইজন নেতাই।
প্রসংগ ক্ৰমে উল্লেখণীয় যে, ইয়াৰ মাজতে কেৰালাৰ বর্ষীয়ান নেতা কেভি থমাছক কংগ্রেছে বহিষ্কাৰ কৰিছে। যোৱা বছৰ ডিচেম্বৰত জিতিন প্রসাদেও কংগ্রেছ এৰিছিল।