নিয়মীয়া বাৰ্তা, ১ মেঃ দেশত দ্বিতীয় পর্যায়ৰ লকডাউনৰ সমাপ্তি ঘটিবলৈ মাত্র ২ দিন বাকী থকা অৱস্থাত ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যা প্রতিদিনে সহস্রাধিকলৈ বৃদ্ধি পাইছে ৷
বিগত ৪৮ ঘণ্টাত দিল্লিত ইন্দো-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) ৫ জনকৈ জোৱানৰ দেহত ক’ভিড -19 পজিটিভ পোৱা গৈছে । ইয়াৰে ২ জন জোৱানে দিল্লী আৰক্ষীৰ সৈতে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত নিয়োগ হৈ আছিল ।
শেহতীয়া তথ্য অনুসৰি, দেশত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ৩৫,০৪৩ জন হৈছেগৈ ৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ১,৯৯৩ জন লোক ৷
In the last 48 hours, 5 jawans of ITBP have tested COVID-19 positive in Delhi. 2 of them were performing law and order duty in Delhi with police: Indo-Tibetan Border Police (ITBP) pic.twitter.com/rNIx2MocIB
— ANI (@ANI) May 1, 2020