কঠোৰ আয়োগঃ পাঁচ ৰাজ্যত নগদ ধনসহ ৩৩১ কোটি টকাৰ সামগ্রী জব্দ
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ নির্বাচনী প্রচাৰ তুংগত উঠা অসমকে ধৰি পাঁচ ৰাজ্যত নির্বাচন আয়োগে ১৬ মার্চলৈকে নগদ ধনসহ ৩৩১ কোটি টকাৰ সামগ্রী জব্দ কৰিছে৷ বিগত ২০১৬ চনৰ বিধানসভা নির্বাচনৰ তুলনাত অহা ২৭ মার্চৰ পৰা ভোটগ্রহণ হ’বলগীয়া অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নির্বাচন আয়োগৰ অধীনৰ কেইবাটাও সংস্থাই ৩৩১ কোটি টকাৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচন আয়োগৰ তথ্য মতে, পাঁচখন ৰাজ্যত নগদ ৮৯.৪৮ কোটি টকা, সুৰা ২৮.৯৩ কোটি টকা, ড্রাগ্ছ ৭৫.৬৭ কোটি টকা, মূল্যৱান ধাতু ৮৮.৮৭ কোটি টকা আৰু ফ্রীবাইজ (ভোটাৰক উৎকোচ দিবলৈ অনা বিনামূলীয়া সামগ্রী) ৪৮.৫২ কোটি টকাৰ জব্দ কৰা হৈছে৷ নগদ ধনৰ ক্ষেত্রত তামিলনাডুত সর্বাধিক ৫০.৮৬ কোটি টকা জব্দ কৰাৰ বিপৰীতে পশ্চিমবংগত সর্বাধিক টকাৰ ড্রাগ্ছ জব্দ কৰা হৈছে৷ পশ্চিমবংগত জব্দ কৰা ড্রাগ্ছৰ মূল্য ৪৭.৪ কোটি টকা৷ আনহাতে, অসমত সর্বাধিক টকাৰ সুৰা জব্দ কৰা হৈছে৷ ৰাজ্যখনত ১৭.২৫ কোটি টকা মূল্যৰ সুৰা ইতিমধ্যে জব্দ কৰিছে৷ নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ ১১ দিন বাকী থকা অৱস্থাতে নগদ ধনসহ আন সম্পত্তি জব্দৰ মূল্য বিগত ২০১৬ৰ তুলনাত অত্যধিক হৈছে৷ মুঠ ৩৩১ কোটি টকাৰ ভিতৰত তামিলনাডুত ১২৬.৬৪ কোটি, পশ্চিমবংগত ১১,২৫৯ কোটি, অসমত ৬৩.৭৫ কোটি, কেৰালাত ২১.৭৭ কোটি আৰু পুডুচেৰীত ৫.৭২ কোটি টকাৰ নগদ ধনসহ সামগ্রী জব্দ কৰা হৈছে৷ নির্বাচন আয়োগে জব্দ কৰা এই নগদ ধন আৰু সামগ্রীয়ে এই কথা প্রমাণিত কৰিছে যে পাঁচ ৰাজ্যৰ নির্বাচনত ধন আৰু উৎকোচৰ ব্যৱহাৰ ব্যাপক হৈ আছে৷