নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰৰ ভিতৰত মানৱতকৈ চতুৰ হ’ব কৃত্রিম বুদ্ধিমত্তা

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বছৰৰ ভিতৰত বুদ্ধিত মানৱক অতিক্রম কৰাই নহয়, মানৱতকৈ চতুৰ হ’ব কৃত্রিম বুদ্ধিমত্তা (এআই)৷ এই দাবী কৰিছে টিছলা আৰু স্পেচ এক্সৰ চিই’ এল’ন মাস্কে৷ মহাকাশ ক্ষেত্রখনত ব্যক্তিগতভাৱে মহাকাশযান পঠিওৱাৰ ইতিহাস সৃষ্টিকাৰী স্পেচ এক্সৰ মুৰব্বী এল’ন মাস্কে কৃত্রিম বুদ্ধিমত্তা আৰু মানৱৰ তুলনামূলক দৃষ্টিক যুকিয়াই চাই এই তাৎপর্যপূর্ণ মন্তব্য কৰা বুলি সংবাদ মাধ্যমত চর্চিত হৈছে৷ নিউয়র্ক টাইমছত অলপতে হোৱা সাক্ষাৎকাৰত এল’ন মাস্কে কয়– ‘আমি এনে এক পৰিস্থিতিৰ দিশে আগবাঢ়িছোঁ যে কৃত্রিম বুদ্ধিমত্তা মানৱতকৈ অধিক চতুৰ হ’ব৷ মই ভাবোঁ– এই কার্য ৫ বছৰতকৈ কম সময়ৰ ভিতৰতে সম্ভৱ হৈ উঠিব৷ কিন্তু ইয়াৰ অর্থ এয়া নহয় যে ৫ বছৰৰ ভিতৰত সকলো কৃত্রিম বুদ্ধিমত্তাই অধিকাৰ কৰিব৷ ইয়াৰ অর্থ এয়ে যে বিজ্ঞানৰ উদ্ভাৱনবোৰে অসম্ভৱকো সম্ভৱ কৰি আশ্চর্যৰ সৃষ্টি কৰিব৷ এল’ন মাস্কে কৃত্রিম বুদ্ধিমত্তাক লৈ ইয়াৰ পূর্বেও ২০১৬ চনত কৃত্রিম বুদ্ধিমত্তাই মানৱৰ স্থিতিক প্রত্যাহ্বান জনাব বুলি উদ্বেগ প্রকাশ কৰি মন্তব্য দিছিল৷ কৃত্রিম বুদ্ধিমত্তাই মানৱ জাতিৰ অস্তিত্বৰ প্রতি সংকট কঢ়িয়াই আনিব বুলিও মন্তব্য কৰি আহিছিল৷

You might also like