বিহাৰত ক’ৰোনাত আক্রান্ত ৫০০ চিকিৎসক
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ বিহাৰৰ তিনিখন প্রখ্যাত হাস্পতালত ৫০০তকৈ অধিক চিকিৎসক–স্বাস্থ্যক ক’ভিডত–১৯ত আক্রান্ত হোৱাৰ ফলত হাস্পতালকেইখনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷
ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰত পাটনাৰ এইমছ আৰু পাটনা মেডিকেল কলেজ এণ্ড হাস্পতালৰ ৫০০তকৈ অধিক চিকিৎসক আৰু স্বাস্থ্যকর্মী আক্রান্ত হৈছে৷ তথ্য মতে পাটনা এইমছৰ চিকিৎসক, নার্ছ, চাফাই কর্মীসহ ৩৮৪ কর্মচাৰী ক’ৰোনা পজিটিভ হৈছে৷
এনেদৰে পাটনা মেডিকেল কলেজ এণ্ড হাস্পতালৰ ছুপাৰিণ্টেণ্ডেণ্টসহ ১২৫তকৈ অধিক চিকিৎসক–কর্মচাৰী ক’ৰোনাত আক্রান্ত হৈছে৷ এই দুখন হাস্পতালৰ উপৰি নালন্দা মেডিকেল কলেজ এণ্ড হাস্পতালৰ কেইবগৰাকীও চিকিৎসক ক’ৰোনা পজিটিভ হৈছে৷
চিকিৎসক–স্বাস্থ্যক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ ফলত সমগ্র ৰাজ্যখনতে শংকাময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ৰাজ্যখনত সম্প্রতি হাস্পতালসমূহত চিকিৎসকৰ নাটনি হৈছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ বিহাৰ শাখাই ইতিমধ্যে এই সন্দর্ভত ৪০জন বিশেষজ্ঞ চিকিৎসকৰ তালিকা তেওঁলোকৰ ফোন নম্বৰসহ প্রচাৰ কৰিছে৷