নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মে’লৈ ৬৭ লাখ শ্রমিকৰ ওভতনি যাত্রা

নিয়মীয়া বাৰ্তা ১৩ জুনঃ মে’ মাহৰ শেষলৈকে ৬খন ৰাজ্যলৈ উভতিছে ৬৭ লাখ প্রব্রজিত শ্রমিক৷ শেহতীয়াকৈ এই তথ্য সদৰী কৰিছে খোৱাপানী আৰু স্বাস্থ্য বিধান মন্ত্রালয়ৰ সচিব পৰমেশ্বৰণ আয়াৰে৷ উল্লেখনীয় যে এই তথ্য যুগুতাইছে মন্ত্রালয়ৰ কেইবাগৰাকীও সচিবে৷ এই ৬৭ লাখ শ্রমিক গৃহভূমি ৬ ৰাজ্যৰ ১১৬খন জিলালৈ উভতিছে৷ ২৫ মার্চত দেশজুৰি লকডাউন ঘোষণা হোৱাৰ পিছতে শ্রমিকসকলৰ প্রব্রজন আৰম্ভ হৈছিল৷
উল্লেখনীয় যে এই তথ্য এতিয়া বিভিন্ন মন্ত্রালয়লৈ প্রেৰণ কৰা হৈছে বুলিও পৰমেশ্বৰণ আয়াৰে সংবাদ মাধ্যমক জনাইছে৷ এই ৬খন ৰাজ্য হৈছে বিহাৰ, ঝাৰখণ্ড, মধ্য প্রদেশ, উত্তৰ প্রদেশ আৰু ৰাজস্থান৷ বিহাৰৰ মুঠ ৩২খন জিলালৈ উভতিছে প্রব্রজিত শ্রমিকসকল৷ সেইদৰে ৰাজস্থানৰ ২২, উত্তৰ প্রদেশৰ ৩১, মধ্য প্রদেশৰ ২৪, ওড়িশাৰ ৪ আৰু ঝাৰখণ্ডৰ তিনি জিলালৈ এই শ্রমিকসকলে বাছ, বিশেষ ৰে’ল, আন্তঃৰাজ্যিক টেক্সি নাইবা পদব্রজে ওভতা বুলি পৰমেশ্বৰণ আয়াৰে সদৰী কৰিছে৷ অৱশ্যে ৩১ মে’ৰ পিছৰ তথ্য সচিবগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰাৰ পৰা বিৰত থাকে৷

You might also like