নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ভিক্ষৰ গ্রাসত ৬.৫ শতাংশ ভাৰতীয় লোক

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ উন্নত জীৱন ধাৰণৰ লক্ষ্যৰে আমেৰিকাত বসতি স্থাপন কৰা বহু ভাৰতীয় মূলৰ লোক এতিয়া দুর্ভিক্ষত আক্রান্ত হৈছে৷ ভাৰতীয় আমেৰিকানসকলৰ ৬.৫ শতাংশ দাৰিদ্র্য সীমাৰেখাৰ তলৰ বাসিন্দা৷ শেহতীয়া এক অধ্যয়নত প্রকাশ পাইছে এই তথ্য৷ ক’ভিড–১৯ মহামাৰীতো ভাৰতীয় মূলৰ আমেৰিকান লোকসকল অধিক দুর্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে৷ জন হ’পকিনছ পার্ল নিটজে স্কুল অৱ এডভান্সড ইণ্টাৰনেচনেল ষ্টাডিজৰ গৱেষক দেৱেশ কাপুৰ আৰু জাছান ৱাজৱাটে চলাইছিল এক সমীক্ষা৷ এই সমীক্ষাত ভাৰতীয় মূলৰ আমেৰিকান লোকসকল ক্রমান্বয়ে অধিক সংকটৰ সন্মুখীন হোৱা বুলি ঘোষণা কৰা হৈছে৷

কাপুৰে উল্লেখ কৰা অনুসৰি বাংলা আৰু পঞ্জাবীভাষী ভাৰতীয় মূলৰ লোকসকলৰ মাজত দাৰিদ্র্যৰ হাৰ অধিক৷ মুঠ শ্রম শক্তিৰ এক–তৃতীয়াংশ ভাৰতীয় এতিয়া জীৱিকাহীন হৈ থকা বুলিও সমীক্ষাটোত উল্লেখ কৰা হৈছে৷ এই সমীক্ষা তথা প্রতিবেদনৰ জৰিয়তে ভাৰতীয় মূলৰ আমেৰিকানসকল দেশখনত কেনে সমস্যাৰ সন্মুখীন হৈছে, তাক উদঙাই দিয়াৰ প্রচেষ্টা চলোৱা বুলি ঘোষণা কৰিছে ইণ্ডিয়াছপ’ৰা নামৰ সংস্থাটোৰ প্রতিষ্ঠাতা এম আৰ ৰংঙ্গাস্বামীয়ে৷

স্মর্তব্য যে শেহতীয়াকৈ আমেৰিকাত ক’ভিড–১৯ মহামাৰীত বহু লোক কর্মহীন হ’বলগীয়া হৈছে৷ ক’ভিড সংকটত কর্মহীন হোৱা ভাৰতীয় মূলৰ লোকৰ সংখ্যাই সর্বাধিক৷ এই প্রতিবেদন প্রকাশ পোৱাৰ পিছতেই হোৱাইট হাউছ প্রশাসনে ভাৰতীয় মূলৰ আমেৰিকান লোকসকলৰ সমস্যাক উপলব্ধি কৰিবলৈ প্রচেষ্টা চলোৱাৰ সম্ভাৱনা আছে বুলি আশা প্রকাশ কৰিছে ৰংঙ্গাস্বামীয়ে৷ স্মর্তব্য যে আমেৰিকাত ভাৰতীয় মূলৰ বহু লোকে বিভিন্ন ক্ষেত্রত প্রভাৱ বিস্তাৰ কৰি আহিছে৷

You might also like