সাত মাহ পাছত উদ্ধাৰ জোৱানৰ মৃতদেহ
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ যোৱা জানুৱাৰী মাহৰ পৰা কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাৰ (এল অ’ চি) সমীপত সন্ধানহীন হোৱা ভাৰতীয় সেনা জোৱান এজনৰ মৃতদেহ কালি উদ্ধাৰ হৈছে৷ ৰাজেন্দ্র সিং নেগি নামৰ এই জোৱানজনৰ মৃতদেহ বৰফৰ তলত উদ্ধাৰ হৈছে অক্ষত অৱস্থাত৷ স্মর্তব্য যে সেনাই জোৱানজনক উদ্ধাৰ কৰাৰ ক্ষেত্রত ব্যর্থ হোৱাৰ পাছত যোৱা ২১ জুনত তেওঁক শ্বহীদ বুলি ঘোষণা কৰিছিল৷ স্থলসেনাৰ একাদশ গাৰোৱাল ৰাইফলছৰ জোৱান ৩৬ বছৰীয়া নেগি কাশ্মীৰৰ গুলমার্গ অঞ্চলত কর্তব্যত থকাৰ সময়তে দুর্ঘটনাবশতঃ বৰফৰ পৰা পিছলি পৰিছিল৷ তাৎক্ষণিকভাৱে জোৱানজনক উদ্ধাৰ কৰাৰ বাবে সেনাই অভিযান চলাইছিল যদিও দীর্ঘদিন অভিযান চলায়ো তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ শেহতীয়াকৈ বৰফৰ স্তূপত নেগিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে বিষয়টোৱে সংবাদ মাধ্যমত চর্চা লাভ কৰিছে৷