নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনত ৭৫ লক্ষাধিকক ভেকচিনেৰে ভাৰতৰ বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ কেন্দ্রীয় চৰকাৰৰ নতুন ভেকচিন নীতিৰ প্রথম দিনাই দেশজুৰি ৭৫ লক্ষাধিক ক’ভিড–১৯ ভেকচিনৰ ড’জ প্রদান কৰা হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, এদিনত ৭৫ লক্ষাধিক ভেকচিন প্রদান কৰাটো এক অভিলেখ৷

এদিনত ভেকচিন প্রদানেৰে দেশে বিশ্বাভিলেখ গঢ়াৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনন্দ প্রকাশ কৰি ভেকচিন মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে শক্তিশালী অস্ত্র বুলি মন্তব্য কৰে৷ ইয়াৰ পূর্বে যোৱা ১ এপ্রিলত দেশত এদিনত ৪৮ লক্ষাধিক ভেকচিন ড’জ প্রদান কৰি অভিলেখ গঢ়িছে৷ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ অভিযান চলি থকাৰ সময়তে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰে৷ লাহে লাহে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ তীব্রতা হ্রাস পাই আছে৷

এদিনত চাৰি লক্ষাধিক লোক আক্রান্ত হৈ বিশ্ব অভিলেখ গঢ়াৰ পাছত যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৫৩,২৫৬জন৷ এই আক্রান্তৰ সংখ্যা হৈছে ৮৮ দিনৰ ভিতৰত এদিনত সর্বনিম্ন৷ আনপিনে, বিগত ৩৭ দিন ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৫৩ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ৭৮ সহস্রাধিক লোক সুস্থ হৈ উঠিছে৷

স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে দেশজুৰি আক্রান্তৰ সংখ্যা ২.৯৯ কোটিৰ অধিক হোৱাৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা ২.৮৮ কোটিৰ অধিক৷ সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৭,০২,৮৮৭৷ আনপিনে, মৃতকৰ সংখ্যাও ধীৰে ধীৰে হ্রাস পাই আহিছে৷ যোৱা ২৪ ঘণ্টাত ১,৪২২জন লোকৰ মৃত্যু ঘটিছে৷ ইয়াকে লৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৮৮,১৩৫জনলৈ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে দেশৰ ৰাজধানী দিল্লীত ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা চলিত বর্ষৰ এদিনত সর্বনিম্ন ৮৯জন লোক আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত ৮৯জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১১জনৰ৷

ৰাজধানী দিল্লীত এতিয়ালৈকে আক্রান্ত হৈছে ১৪.৩২ লাখ আৰু মৃত্যু ঘটিছে ২৪,৯২৫জনৰ৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত আক্রান্তৰ হাৰ দিল্লীত ৩৫ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত লকডাউনৰ ফলত এতিয়া আক্রান্তৰ হাৰ ০.১৬ শতাংশলৈ নিম্নগামী হৈছে৷ দিল্লীত চিকিৎসাধীন হৈ আছে ১,৯৯৬জন লোক৷ ইয়াৰ ভিতৰত ৫৬৩জন লোক হোম আইছ’লেচনত আছে৷

You might also like