ক’ভিডত স্বামীহাৰা ৭৯১ মহিলাক চিনাক্ত কৰিলে ডিচিডব্লিউৱে
নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ ক’ভিড মহামাৰীত স্বামীহাৰা হোৱা ৭৯১গৰাকী মহিলাক চিনাক্ত কৰি দিল্লী মহিলা আয়োগ (ডি চি ডব্লিউ)–এ কেজৰিৱাল চৰকাৰক এই মহিলাসকলৰ পুনৰ সংস্থাপন নিশ্চিত কৰিবলৈ এক প্রতিবেদন দাখিল কৰিছে৷ আয়োগে এক সামাজিক সমীক্ষাও চলাইছে৷ এই সমীক্ষাৰ জৰিয়তে দিল্লী চৰকাৰক মহিলাসকলৰ পুনৰ সংস্থাপন প্রক্রিয়াত সহায় কৰিবলৈ সংকল্প লোৱা হৈছে৷ স্মর্তব্য যে মহিলা পঞ্চায়ত নেটৱর্কৰ জৰিয়তে ডি চি ডব্লিউৱে তৃণমূল পর্যায়ত সামাজিক জৰীপ চলাইছিল৷
স্মর্তব্য যে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্রী ক’ভিড–১৯ পৰিবাৰ আর্থিক সহায়তা যোজনা মুকলি কৰিছে৷ এই যোজনাৰ জৰিয়তে ক’ভিডত কোনো পৰিয়ালৰ এজন লোকৰ মৃত্যু হ’লেই সেই পৰিয়ালটোক এককালীন সাহায্য হিচাপে ৫০ হাজাৰ টকা আগবঢ়োৱা হ’ব৷ লক্ষণীয়ভাৱে পৰিয়ালটোৰ প্রাণ হেৰুওৱা ব্যক্তিগৰাকী যদি উপার্জনকাৰী হয়, তেন্তে সেই পৰিয়ালটোক মাহিলি ২৫০০ টকাকৈ পেন্সন দিয়াৰ সিদ্ধান্তও লৈছে দিল্লী চৰকাৰে৷ দিল্লী চৰকাৰৰ এনে সিদ্ধান্তক আদৰণি জনাইছে মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে৷