কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত নিহত ৮ সন্ত্রাসবাদী
নিয়মীয়া বাৰ্তা ২০ জুনঃ জম্মু–কাশ্মীৰত ২৪ ঘণ্টাৰ ভিতৰত দুটা পৃথক সংঘর্ষত নিৰাপত্তা বাহিনীয়ে অতি কমেও ৮ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে৷ তথ্য মতে, কেন্দ্রীয়শাসিত অঞ্চলটোৰ পুলৱামা আৰু চ’পিয়ান জিলাত আত্মগোপন কৰি থকা সন্ত্রাসবাদী গোটক নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ পুলৱামাৰ অৱণ্টিপৰাত তিনি সন্ত্রাসবাদী নিহত হোৱাৰ লগতে চ’পিয়ানত পাঁচ সন্ত্রাসবাদী নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে৷ শীর্ষ আৰক্ষী বিষয়াই প্রকাশ কৰা মতে, দক্ষিণ কাশ্মীৰৰ অৱণ্টিপৰাত মিজত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্রথমটো সংঘর্ষ হয়৷ অঞ্চলটোত জানিয়া মছজিদৰ ভিতৰত সোমাই থাকি সন্ত্রাসবাদীয়ে ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল যদিও নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়৷ তেনেদৰে চ’পিয়ান জিলাৰ মুনাণ্ডত নিৰাপত্তা বাহিনীয়ে তিনিটা সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে৷ সেই সন্ত্রাসবাদীকেইটা পাকিস্তানস্থিত সংগঠন লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ সদস্য বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ এই অভিযানত অংশ লৈছে অৱণ্টিপৰা আৰক্ষী, সেনাৰ ৫০ ৰাষ্ট্রীয় ৰাইফলছ আৰু চিআৰপিএফৰ জোৱানে৷ লক্ষণীয় যে বিগত কেইবামাহ ধৰি জম্মু–কাশ্মীৰত সন্ত্রাসবিৰোধী অভিযান তীব্রতৰ হৈ আছে৷