নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ কোটি কৃষকলৈ দিব কিষাণ সন্মান নিধিৰ ১৮ হাজাৰ কোটি

বাজপেয়ীৰ জন্মদিন

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ আগন্তুক ২৫ ডিচেম্বৰত দেশৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পি এম–কিষাণ আঁচনিৰ পৰৱর্তী কিস্তি ১৮ হাজাৰ কোটি টকা ৯ সহস্রাধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ মুকলি কৰি দিব৷ ভিডি’ কনফাৰেঞ্চিংযোগে দিনৰ ১২ বজাত প্রধানমন্ত্রী মোদীয়ে এই ধন কৃষকৰ বেংক একাউণ্টলৈ ট্রেন্সফাৰ কৰিব বুলি চৰকাৰী সূত্রই ঘোষণা কৰিছে৷ প্রধানমন্ত্রী কিষাণ সন্মান নিধি (পি এম) কিষাণ আঁচনিৰ অধীনত হিতাধিকাৰী কৃষকসকললৈ পৰৱর্তী কিস্তিৰ ধন শীঘ্রে মুকলি কৰি দিয়াৰ কথা যোৱা সপ্তাহত ঘোষণা কৰিছিল মোদীয়ে৷ ‘কিষাণ কল্যাণ’ শীর্ষক এক কার্যসূচীত ভিডি’ কনফাৰেঞ্চিংযোগে অংশগ্রহণ কৰি মোদীয়ে কৈছিল যে বাজপেয়ীৰ জন্মদিৱসত কৃষকৰ বিভিন্ন বিষয় লৈ আলোচনা কৰা হ’ব৷ ইফালে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে শেহতীয়াকৈ প্রকাশ কৰিছে যে ৰাজ্যখনৰ ২.৩০ লাখ কৃষক পি এম–কিষাণ আঁচনিৰ অধীনত উপকৃত হ’ব৷ বিগত বর্ষত প্রধানমন্ত্রী মোদীয়ে পি এম–কিষাণ আঁচনি মুকলি কৰিছিল৷ এই আঁচনিৰ জৰিয়তে দেশৰ সকলো নিজা ভূমি থকা কৃষকক আর্থিক সাহায্য প্রদানৰ সংকল্প লোৱা হৈছে৷ পি এম–কিষাণ আঁচনিৰ যোগে একোটা কৃষক পৰিয়ালে ৬ হাজাৰকৈ টকা চৰকাৰৰ পৰা লাভ কৰিব লাগে৷ তিনিটা কিস্তিত কৃষকসকলক বেংকৰ একাউণ্টত এই ধন জমা কৰি দিয়াৰ সিদ্ধান্ত লৈছিল মোদী চৰকাৰে৷ ইতিমধ্যে এই আঁচনিৰ অধীনত বহু কৃষক পৰিয়াল উপকৃত হৈছে৷ ২০১৯ চনৰ ফেব্রুৱাৰীত আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে মাত্র ক্ষুদ্র আৰু মজলীয়া কৃষক পৰিয়ালসমূহক আর্থিক সাহায্য প্রদান কৰা হৈছিল৷ যিবোৰ পৰিয়ালৰ দুই হেক্টৰ পর্যন্ত কৃষিভূমি আছে, তেনে পৰিয়ালবোৰেহে চৰকাৰৰ এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু যোৱা জুন মাহত এই আঁচনিৰ সংস্কাৰ ঘটাই সকলো কৃষক পৰিয়ালকে পি এম–কিষাণ আঁচনিৰ ধন প্রদান কৰাৰ সিদ্ধান্ত লয় কেন্দ্রীয় চৰকাৰে৷ দেশৰ মুঠ ১৪.৫ কোটি কৃষকক প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ধন প্রদান কৰাৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে৷ লক্ষণীয়ভাৱে চৰকাৰী চাকৰিয়াল থকা কৃষক পৰিয়ালে কিষাণ নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like