নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ উত্তৰ প্রদেশৰ ফিৰোজাবাদত নৱবিবাহিতা মহিলা এগৰাকীকে ধৰি একেটা পৰিয়ালৰ ৯গৰাকী সদস্য ক’ভিড–১৯ত আক্রান্ত হৈছে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ পৰীক্ষা নচলোৱা অৱস্থাতে কেইদিনমান পূর্বে প্রাণ হেৰুৱাইছে নৱবিবাহিতা এই মহিলাগৰাকীৰ স্বামীয়ে৷ ফিৰোজাবাদৰ মুখ্য চিকিৎসা বিষয়া নীতা কুলশ্রেষ্ঠই উল্লেখ কৰা অনুসৰি এই ঘটনাৰ পাছত অঞ্চলটোত স্থাপন কৰা হৈছে এক স্বাস্থ্য শিবিৰ৷ স্থানীয় সকলো বাসিন্দাৰে ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷
উল্লেখনীয় যে মাত্র ১০ দিন পূর্বে বিবাহপাশত আবদ্ধ হোৱা যুৱকজনৰ মৃত্যুক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ পাছতে পৰিয়ালত ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে৷ শেহতীয়াকৈ উত্তৰ প্রদেশৰ বিভিন্ন জিলাত ক’ভিড–১৯ৰ সংক্রমণৰ পুনৰ জোৱাৰ আৰম্ভ হৈছে৷