ভাবুকি সত্ত্বেও ৯ ছেপ্টেম্বৰত মায়ানগৰীত উপস্থিত হ’ব কংগনা
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ বলীউডৰ অভিনেত্রী কংগনা ৰানাৱাট আৰু মহাৰাষ্ট্র চৰকাৰৰ প্রধান অংশীদাৰ শিৱসেনাৰ মাজত চলি থকা বাক্যুদ্ধই শেহতীয়াকৈ তীব্র ৰূপ ধাৰণ কৰিছে৷ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ ভাবুকিৰ বিৰুদ্ধে কংগনাই মায়ানগৰী মুম্বাই এতিয়া পাক অধিকৃত কাশ্মীৰ (পি’কে)ত পৰিণত হোৱা বুলি টুইটাৰযোগে মন্তব্য কৰাৰ পিছত অভিনেত্রীগৰাকীয়ে আগন্তুক ৯ ছেপ্ঢেম্বৰত মুম্বাইত উপস্থিত হ’ব বুলি ঘোষণা কৰিছে৷ উল্লেখনীয় যে মুম্বাই আৰক্ষীৰ ওপৰত আস্থা নাথাকিলে মহানগৰখনলৈ পুনৰ উভতি আহিব নালাগে বুলি শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটে অভিনেত্রী কংগনাক ভাবুকি দিছিল৷ আজি কংগনা ৰানাৱটে উল্লেখ কৰিছে যে ৯ ছেপ্ঢেম্বৰত তেওঁ মুম্বাইত উপস্থিত হ’ব৷ এইক্ষেত্রত কোনেও তেওঁক বাধা প্রদান কৰিব নোৱাৰে৷ আজি টুইটাৰত ৰানাৱটে উল্লেখ কৰিছে যে বহু লোকে মুম্বাইলৈ উভতি আহিব নালাগে বুলি তেওঁক ভাবুকি দিছে৷ গতিকে এই ভাবুকিক প্রত্যাহ্বান হিচাপে লৈ ৯ ছেপ্ঢেম্বৰত তেওঁ মুম্বাইত উপস্থিত হ’ব৷ এইক্ষেত্রত কাৰোবাৰ সাহস আছে যদি বাধা প্রদান কৰিবলৈ অভিনেত্রীগৰাকীয়ে টুইটাৰযোগে প্রত্যাহ্বানো জনাইছে৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰী আৰু লকডাউনৰ বাবে পৰিয়ালৰ সৈতে হিমাচল প্রদেশতে আছে কংগনা ৰানাৱট৷ ইফালে, ৰানাৱটৰ শেহতীয়া মন্তব্যৰ পিছতে শিৱসেনাৰ সাংসদ ৰাউটে উল্লেখ কৰিছে যে দলটোৱে কাকো ভাবুকি দিয়া নাই৷ কিন্তু পাক অধিকৃত কাশ্মীৰৰ সৈতে মুম্বাই আৰু মহাৰাষ্ট্রক তুলনা কৰা কার্যক কেতিয়াও শিৱসেনাই সহজভাৱে নলয় বুলি উল্লেখ কৰি ৰাউটে ইয়াৰ আইনী ব্যৱস্থা গ্রহণ কৰা উচিত বুলিও মন্তব্য কৰিছে৷