৯৩ বাৰ নির্বাচনত প্রতিদ্বন্দ্বিতাৰে অভিলেখ
নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ উত্তৰ প্রদেশৰ পঞ্চায়ত নির্বাচনৰ বাবে বাবা চাহেব আম্বেদকাৰৰ অনুগামী হষ্ণুৰাম আম্বেদকাৰীয়ে ৯৩ বাৰলৈ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ১৯৮৪ চনৰ পৰা ৯২বাৰ বিভিন্ন নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পৰাভূত হৈছে আম্বেদকাৰী৷ কিন্তু আম্বেদকাৰীৰ মনোবল ভাগি পৰা নাই৷ এইবাৰ পুনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে ৭৪ বছৰীয়া আম্বেদকাৰীয়ে৷ আগ্রাৰ ৰাজনগৰ নাগ্লা ঢুলে খানৰ বাসিন্দা হষ্ণুৰামে উল্লেখ কৰিছে যে এইবাৰ তেওঁ নির্বাচনত বিজয়ী হ’ব৷ লক্ষণীয়ভাৱে লোকসভাৰ নির্বাচন আৰু ৰাষ্ট্রপতি নির্বাচনতো প্রার্থিত্ব আগবঢ়াইছিল আম্বেদকাৰীয়ে৷