নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধত্ব জয়ৰ অনুপ্ৰেৰণাঃ ৯৫ বছৰ বয়সতো বৃদ্ধাই জিমনাষ্টিকছ প্ৰদৰ্শন কৰি চমকিত কৰিলে বিশ্ববাসীক

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ উন্নত স্বাস্থ্য বজাই ৰখাটো যিকোনো লোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিশেষকৈ যেতিয়া বয়স ক্ৰমান্বয়ে বাঢ়ি আহে, তেতিয়া সকলোৰে চিন্তা হয় পৰি অহা স্বাস্থ্যক লৈ। কিন্তু অলপতে এনে এগৰাকী মহিলাৰ ভিডিঅ’ দেখা গৈছে, যাৰ বয়স হৈছে ৯৫ বছৰ।

কিন্তু এতিয়াও তেওঁ ৰাজহুৱা প্ৰেক্ষাপটত জিমনাষ্টিক খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম। জাৰ্মানীৰ বাসিন্দা ৯৫ বছৰীয়া এই বৃদ্ধাগৰাকী হৈছে জোহানা কুৱাছ। মাৰ্কিন বাস্কেটবল খেলুৱৈ ৰেক্স চেপমেনে তেওঁৰ টুইটাৰ একাউণ্টত জোহানাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। চেপমেনে লগতে কয় যে বয়স জোহানাৰ বাবে মাত্ৰ এটা সংখ্যা। খেলুৱৈগৰাকীৰ ভিডিঅ’ কেইঘণ্টামানৰ ভিতৰতে ৬.৫ মিলিয়নে প্ৰত্যক্ষ কৰাৰ লগতে ৪.৫ হাজাৰ লোকে ভিডিঅ’টো পুনৰ টুইট কৰে।

সকলোৰে মনত এটাই প্ৰশ্ন ৯৫ বছৰ বয়সতো এগৰাকী বৃদ্ধাই কেনেকৈ ইমান নিখুঁতভাৱে জিমনাষ্টিকছ কৰিব পাৰে? কিদৰে তেওঁ স্বাস্থ্য এতিয়াও জিমনাষ্টিকছৰ বাবে অনুকূল হৈ আছে?

১৯২৫ চনৰ ২০ নৱেম্বৰত জন্ম লাভ কৰা জোহানছে নিজৰ ফিটনেছ সম্পৰ্কত কয় যে তেওঁ প্ৰতিদিনে এঘণ্টা অনুশীলন কৰাৰ লগতে খাদ্য ৰূপে গ্ৰহণ কৰে ফল আৰু শাক-পাচলি। লগতে তেওঁ কয়- ‘মোৰ মুখখন বৃদ্ধ কিন্তু মোৰ হৃদয় এতিয়াও ডেকা, মই যিদিনা জিমনাষ্টিকছ কৰিবলৈ এৰিম, হয়তো সেই দিনটোৱে মোৰ মৃত্যুৰ দিন হ’ব।’

You might also like