নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকলেটৰ প্রলোভন দেখুৱাই নাবালিকাক ‘ধর্ষণ’, অভিযুক্তক গণধুলাই প্রতিবেশীৰ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ এইবাৰ নাবালিকাক ধর্ষণৰ অভিযোগক কেন্দ্র কৰি উত্তপ্ত হৈ উঠিছে পশ্চিমবংগৰ মুৰ্চিদাবাদৰ (Murshidabad) ছামছেৰগঞ্জ। বিষয়টো পোহৰলৈ অহাৰ লগেলগেই অভিযুক্তক বেয়াকৈ মাৰধৰ কৰে উত্তেজিত জনতাই। বৃহস্পতিবাৰে নিশা অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা গৈছে যে ৮ বছৰীয়া নাবালিকাগৰাকী আছিল মুৰ্চিদাবাদৰ ছামছেৰগঞ্জৰ বসুদেৱপুৰ ষ্টেচন অঞ্চলৰ। একে অঞ্চলৰে বাসিন্দা ৪০ বছৰীয়া এন্তাজুল হক। পেচাত ৰাজমিস্ত্রী।

অভিযোগ, চকলেটৰ প্রলোভন দেখুৱাই বৃহস্পতিবাৰে প্রতিবেশী নাবালিকাক ঘৰলৈ নিয়ে অভিযুক্ত হকে। তাতেই তাইক ধর্ষণ কৰে।

ঘৰলৈ আহিয়ে ভুক্তভোগী নাবালিকাই পিতৃ-মাতৃৰ আগত সমগ্ৰ ঘটনাৰ বিষয়ে কয়। বিষয়টো পোহৰলৈ অহাৰ পাছতে ক্ষোভত বেয়াকৈ মাৰধৰ কৰি আৰক্ষীক গতাই দিয়ে অঞ্চলটোৰ ৰাইজে।

You might also like