নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন–ভাৰত সীমান্তৰ ১০০খন গাঁৱলৈ আশাৰ বতৰা

আদর্শ গাঁও হিচাপে গঢ়ি তুলিব উত্তৰাখণ্ড চৰকাৰে: নিয়োগ সৃষ্টিৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ভাৰত–চীন সীমান্তৰ ১০০খন গাঁৱক উন্নয়নৰ বাবে ‘আদর্শ গাঁও’ হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা যুগুত কৰিছে উত্তৰাখণ্ড চৰকাৰে৷ আন্তর্জাতিক সীমান্ত উন্নয়ন আঁচনি (আইবিডিপি)ৰ অধীনত এই ১০০খন গাঁৱক আদর্শ গাঁও হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা শীঘ্রে কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব উত্তৰাখণ্ড চৰকাৰে৷

ৰাজ্যখনৰ কৃষিমন্ত্রী সুবোধ উনিয়ালে আজি ২০২০ বর্ষটোৰ অন্তিম দিনা ঘোষণা কৰিছে এই কথা৷ সীমান্তৱর্তী জিলাসমূহৰ ১১টা খণ্ডৰ পৰা এই ১০০খন গাঁৱক বাছনি কৰা হৈছে৷ ১১টা খণ্ডৰ চাৰিটা হৈছে পিথোৰাগড় জিলাৰ৷ ইফালে, চামলি জিলাৰ এটা খণ্ড, উত্তৰ কাশীৰ তিনিটা খণ্ড, উধমপুৰ সিং নগৰৰ এটা আৰু চাম্পাৱাট জিলাৰ দুটা খণ্ডৰ পৰা এই গাঁওসমূহ বাছনি কৰা হৈছে৷ সংহত আদর্শ কৃষি গাঁও হিচাপে আইবিডিপিৰ অধীনত ভাৰত–চীনৰ সীমান্তৱর্তী এই দুর্গম গাঁওসমূহ গঢ়ি তুলিবলৈ তৎপৰতা আৰম্ভ কৰা উত্তৰাখণ্ড চৰকাৰে এই সন্দর্ভত ইতিমধ্যে এটা প্রস্তাৱ কেন্দ্রীয় চৰকাৰলৈ প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

উল্লেখনীয় যে সংহত আদর্শ কৃষি গাঁও হিচাপে গঢ়ি তোলাৰ লগে লগে সীমান্তৰ এই গাঁওবোৰত নিয়োগৰ সুযোগ সৃষ্টি হ’ব৷ ইয়াৰ জৰিয়তে কৃষি, উদ্যান শস্য তথা অন্যান্য উন্নয়নমূলক আঁচনিত গুৰুত্ব প্রদান কৰিব চৰকাৰে৷ পশু পালন, মৎস্য পালন, মৌ পালন আদি আঁচনিও ৰখা হৈছে গাঁওসমূহৰ বাবে৷ ইয়াৰ জৰিয়তে গাঁও সমূহৰ পৰা জনসাধাৰণৰ প্রব্রজন বন্ধ কৰাৰ উপৰি আন্তর্জাতিক সীমান্তত আর্থিক সমৃদ্ধি গঢ়ি তোলাটোৱেই হ’ব চৰকাৰৰ মূল লক্ষ্য৷

You might also like