নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালত অভাৱনীয় ঘটনাঃ ক’ভিড পজিটিভ তেজৰ নমুনা লৈ পলাল বান্দৰ, পিছে ক’ত ?

নিয়মীয়া বার্তা, ৩১ মে’: উত্তৰ প্রদেশৰ মেৰাথৰ এখন হাস্পতালৰ পৰা ক’ৰোনা ভাইৰাছত আক্রান্ত লোক এজনৰ তেজৰ নমুনা লৈ বান্দৰ এটাই পলায়ন কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ হাস্পতালৰ কর্মীসকলৰ গাফিলতিৰ বাবেই বান্দৰটোৱে পৰীক্ষাগাৰৰ পৰা আহি এনেদৰে তেজৰ নমুনা লৈ দৌৰিবলৈ সক্ষম হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷

ক্ষুধাতুৰ বান্দৰটোৱে উত্তৰ প্রদেশৰ মেৰাথস্থিত ৰাজ্যিক মেডিকেল কলেজ হাস্পতালৰ পৰীক্ষাগাৰত কেনেদৰে সোমাবলৈ সক্ষম হ’ল, তাক লৈও তীব্র চর্চা চলিছে৷ লক্ষণীয়ভাৱে ক’ভিড পজিটিভ এই তেজৰ নমুনা বান্দৰে লৈ যোৱাৰ পাছৰে পৰা বিষয়টোৱে তীব্র আতংকৰ সৃষ্টি কৰিছে চহৰখনত৷ কাৰণ ইয়াৰ জৰিয়তে পশুকুলো ভয়াৱহ ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱাৰ আশংকাই দেখা দিছে৷

You might also like