নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আদিত্য’লৈ বিশ্বৰ শ্রেষ্ঠ বৈদ্যুতিক নাও বঁটা

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ ভাৰতৰ প্রথম সৌৰশক্তি চালিত ফেৰী ‘আদিত্য’লৈ আন্তঃৰাষ্ট্রীয় স্বীকৃতি৷ সন্মানীয় গুছটেভ ট্রাউভ এৱার্ঢ় ফ’ৰ এক্সলেঞ্চ ইন ইলেকট্রনিক বোটছ এণ্ড বোটিঙত ভাৰতৰ আদিত্যই বিশ্ব শ্রেষ্ঠ বৈদ্যুতিক নাৱৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৭ চনত কেৰালাৰ ভেমবানাৰ জলাশয়ত প্রথমবাৰৰ বাবে সৌৰশক্তি চালিত যাত্রীবাহী ফেৰী আদিত্যৰ চলাচল আৰম্ভ কৰা হৈছে৷ এই ফেৰীখনেৰে প্রতিদিনে ৭৫জন যাত্রী কঢ়িয়াই ২২টা ট্রিপ সম্পন্ন কৰিছিল৷ অর্থাৎ প্রতিবছৰে এই সৌৰশক্তিচালিত ফেৰীখনেৰে ৫.৮০ লাখ লোকে আহ–যাহ কৰে৷ নাওখনত থকা বেটাৰী চার্জ কৰা হয় সৌৰশক্তিৰ দ্বাৰা৷ ইয়াৰ বাবে ব্যয় হয় প্রতিদিনে মাত্র ২.৬০ ডলাৰ৷ এই কম ব্যয় সাপেক্ষ বৈদ্যুতিক নাওখনে প্রতিবছৰে ৫৮ হাজাৰ লিটাৰ ডিজেল ৰাহি কৰিবলৈ সক্ষম হয়৷ অর্থাৎ প্রতিবছৰে ৪৬,১২,০০০ টকা ৰাহি কৰে৷ উল্লেখ্য যে আন্তঃৰাষ্ট্রীয় এই বঁটাটি বৈদ্যুতিক বাহনৰ উদ্ভাৱন কৰা ফৰাছী গুছটেভ ট্রাউভৰ স্মৃতিত প্রদান কৰি থকা হৈছে৷ ১৮৮১ চনত গুছটেভে জীৱাস্ম ইন্ধনৰ পৰিৱর্তে বৈদ্যুতিক সংযোগেৰে প্রথমবাৰৰ বাবে মটৰ চলাবলৈ সক্ষম হৈছিল৷ অর্থাৎ ৰিচার্জেবল বেটাৰী সংযোগেৰে ছেইন নদীত নাও চলাবলৈ সক্ষম হৈছিল গুছটেভ৷ এই ফৰাছী ব্যক্তিগৰাকীৰ নামতেই প্রদান কৰা বঁটাটি বিশ্বৰ প্রান্তে প্রান্তে সৌৰশক্তি চালিত যন্ত্র কিম্বা যান ব্যৱহাৰ কৰা প্রতিষ্ঠানত দিয়া হয়৷ বর্জিত আৱর্জনাৰ পৰা আদিত্য প্রস্তুত কৰা নেভল্টৰ চিই’–প্রতিষ্ঠাতা আৰু আইআইটি মাদ্রাছাৰ নেভেল আর্কিটেক সন্দীথ থান্দাছেৰীয়ে আদিত্যই বিশ্বৰ শ্রেষ্ঠ বৈদ্যুতিক ফেৰীৰ বঁটা লাভ কৰাৰ বাবে সন্তুষ্টি ব্যক্ত কৰি এক ভাল সফলতা বুলি মন্তব্য কৰিছে৷

You might also like