আফগান চৰকাৰক আমেৰিকান আধিপত্যবাদৰ সমর্থক আখ্যা তালিবানৰ
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ আফগানিস্তানত তালিবান আৰু চৰকাৰৰ শান্তি আলোচনালৈ হঠাতে নামি আহিছে অনিশ্চয়তা৷ তালিবানে কাবুল প্রশাসনক চৰকাৰ বুলি গণ্য কৰিবলৈ অস্বীকাৰ কৰিছে৷ পাশ্চাত্যৰ দ্বাৰা অনুমোদিত এয়া এক প্রশাসনীয় গাঁথনি বুলি অভিহিত কৰিছে তালিবানে৷ লগে লগে আফগানিস্তানত প্রস্তাৱিত শান্তি আলোচনা প্রক্রিয়ালৈ আহি পৰিছে অনিশ্চয়তা৷ আমেৰিকান আধিপত্যবাদৰ বাবে আফগান চৰকাৰে কাম কৰি অহা বুলি তালিবানে অভিযোগ কৰাৰ লগে লগে দেশখনত শান্তি আলোচনাৰ পথ বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে৷ লক্ষণীয়ভাৱে আশ্রফ ঘানি চৰকাৰে এক বৈধ ব্যৱস্থা নহয় বুলি ঘোষণা কৰিছে তালিবানে৷ গতিকে আফগানিস্তানৰ শান্তি ৰক্ষাৰ স্বার্থত ৰাষ্ট্রপতি ঘানিৰ সৈতে তালিবান আলোচনাত বহিব নে নাই, তাক লৈও সৃষ্টি হৈছে সংঘাত৷ স্মর্তব্য যে পাৰস্য উপসাগৰীয় ৰাষ্ট্র কাটাৰৰ ৰাজধানী দ’হাত আমেৰিকা আৰু তালিবানৰ মাজত দীর্ঘলানি আলোচনাৰ পাছত এক চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে শান্তি প্রক্রিয়াৰ পথ প্রশস্ত হৈছিল৷ তালিবানৰ সৈতে আফগান চৰকাৰৰ প্রত্যক্ষ আলোচনাৰ পথো মুকলি হৈছিল এই চুক্তিৰ পাছত৷ চুক্তিৰ প্রতি সন্মান জনাই আফগান চৰকাৰে তালিবান বন্দীসকলক মুক্তি দিছে যদিও সংগঠনটোৱে শেহতীয়াকৈ নিজৰ স্থিতি সলনি কৰিছে৷