কঁপি উঠিল মছজিদ, আফগানিস্তানত পুনৰ বিস্ফোৰণত নিহত ১৬
বিশেষ বাৰ্তা, ২৬ মেঃ আকৌ এবাৰ বিস্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ একাধিক এলেকা। প্রার্থনাৰ সময়তেই কঁপি উঠিল কাবুলৰ এটা মছজিদ। উত্তৰ আফগানিস্তানৰ মাজাৰ-ই-শ্বৰিফৰ কাষত একেলগে তিনিখন মিনিবাছত বিস্ফোৰণ ঘটে। আফগান চৰকাৰে জনাইছে, মুঠ চাৰিটা বিস্ফোৰণত প্রাণ হেৰুৱাইছে ১৬ জনে। মৃতকৰ সংখ্যা আৰু বঢ়াৰ সম্ভাৱনা আছে। আহত হৈছে বহুজন। উল্লেখনীয় যে,আক্ৰমণৰ দায়িত্ব এতিয়াও কোনোৱে স্বীকাৰ কৰা নাই। তালিবানে আফগানিস্তান দখল কৰাৰ পাছত ছিয়া সম্প্রদায়ৰ ওপৰত একাধিকবাৰ আক্ৰমণ চলোৱা হৈছে।কিছুদিন আগতেই উত্তৰ আফগানিস্তানৰ কুন্দুজ চহৰত চুন্নী মছজিদত বিস্ফোৰণৰ ফলত ৩৩ জনৰ মৃত্যু হৈছিল। তালিবান শাসিত আফগানিস্তান মাজাৰ-ই-শ্বৰিফৰ দুটা মছজিদত বিস্ফোৰণ হয়। তাতেও কমেও ২০ জনৰ মৃত্যু হৈছিল।