আফ্রিকাত ক’ৰোনাৰ বলি হ’ব ১.৯ লাখ
মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধত কঠোৰ হোৱাৰ আহ্বান ‘হু’ৰ
নিয়মীয়া বাৰ্তা ৯ মেঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণে ইউৰোপ আৰু আমেৰিকাক মৃত্যু উপত্যকাত পৰিণত কৰাৰ সময়ত আফ্রিকাৰ দেশবোৰত এই ভাইৰাছবিধৰ সংক্রমণ কিছু কম দেখিবলৈ পোৱা গৈছে যদিও এটা বর্ষৰ ভিতৰত সমগ্র মহাদেশখনত এক লাখ ৯০ হাজাৰ লোক এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ মৃত্যুমুখত পৰিব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই আজি এই সতর্কবাণী কৰিছে৷ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ আফ্রিকাৰ প্রতিখন দেশে কঠোৰ ব্যৱস্থা গ্রহণ নকৰিলে ইউৰোপ আমেৰিকাতকৈও ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ আফ্রিকাৰ মুৰব্বী মাটশ্বিডিছ’ ময়েটিয়ে সতর্কবাণী কৰিছে৷ শেহতীয়া গৱেষণা অনুসৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ কেইবাবছৰলৈ অব্যাহত থাকিব পাৰে৷ যদি আফ্রিকাত এবছৰ ধৰি এই ভাইৰাছবিধৰ সংক্রমণ দ্রুতগতিত চলি থাকে, তেন্তে আফ্রিকাৰ প্রতিখন দেশেই হৈ পৰিব মৃত্যু উপত্যকা৷ ময়েটিৰ মতে ক’ৰোনা ভাইৰাছৰ বিস্তাৰত অন্যতম হটস্পট হ’ব পাৰে সমগ্র মহাদেশখন৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণে দ্রুত ৰূপ লাভ কৰিছে আফ্রিকাৰ কেইবাখনো দেশত৷ কিন্তু সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত আফ্রিকাৰ দেশসমূহে বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি স্বাস্থ্যকর্মীসকলে ক’ৰোনাৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সময়ত সুৰক্ষা সামগ্রীবোৰ লাভ কৰিবলৈও সক্ষম হোৱা নাই বুলি অভিযোগ উঠিছে৷ এনে পৰিস্থিতিত ক’ৰোনাৰ মোকাবিলা কৰাৰ ক্ষেত্রত আফ্রিকা অধিক সংকটৰ সন্মুখীন হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই আশংকা প্রকাশ কৰিছে৷ গতিকে প্রতিখন দেশকে এইক্ষেত্রত কঠোৰ হোৱাৰ আহ্বান জনাইছে সংস্থাটোৱে৷