নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰ পিছত গোধৰা কাণ্ডৰ মূল অভিযুক্ত ভাটুকক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ গোধৰা কাণ্ডৰ মূল অভিযুক্ত ৰফিক হুছেইন ভাটুকক গ্রেপ্তাৰ কৰে গুজৰাট আৰক্ষীৰ। ভাটুকক গ্ৰেপ্তাৰ কৰাৰ বাবে গুজৰাট আৰক্ষীয়ে অপেক্ষা কৰিব লগা হৈছিল ১৯ বছৰ।

গুজৰাট আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, গোধৰা কাণ্ডৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল অভিযুক্ত ভাটুক। আচলতে পলাই আছিলগৈ দিল্লীত। দিনমজুৰি কৰি পৰিচয় গোপন কৰি চলিছিল ভাটুকে। ঘৰ-বাৰী বিক্ৰী কৰি পৰিয়লসহ দিল্লী-গুজৰাটত পলাই ফুৰিছিল অভিযুক্তগৰাকী।

এনেদৰেই ১৯টা বছৰ কটাইছিল ভাটুকে। একধৰণৰ যাযাবৰী জীৱন কটোৱাৰ বাবে আৰক্ষীয়ে পম খেদা সম্ভৱ হোৱা নাছিল ভাটুকৰ। শেহতীয়াকৈ গুজৰাটৰ চুলতান ফালিয়াত পৰিয়ালসহ বাস কৰে ভাটুকে। ইয়াৰ মাজতে দিল্লীলৈও গৈ আত্মগোপন কৰিছিল।

কিন্তু গোপন সূত্ৰৰ পম খেদি দিল্লীৰ পৰা পৰিয়ালক দেখা কৰিবলৈ অহাৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজি।

উল্লেখ্য, ২০০২-ৰ ২৭ ফেব্রুৱাৰীত সৱৰমতী এক্সপ্রেছ ৰেলত জুই লগোৱাৰ ফলত মৃত্যু হৈছিল ৫৯গৰাকী তীৰ্থযাত্ৰীৰ। ইয়াৰ পিছতে গুজৰাটত আৰম্ভ হয় সাম্প্ৰদায়িক দাংগা। উক্ত সময়ত ১৫০০ জনৰ ওপৰত গোচৰ ৰুজু কৰিছিল গুজৰাট আৰক্ষীয়ে।

You might also like