নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ ৰাজ্যৰ নির্বাচনক লৈ আগ্রাসী বিজেপি

ক’ভিড মহামাৰীৰ পাছত প্রথমখন ৰাষ্ট্রীয় কার্যনির্বাহক

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ পাছত দেওবাৰে দিল্লীত অনুষ্ঠিত বিজেপিৰ প্রথমখন ৰাষ্ট্রীয় কার্যনির্বাহকৰ বৈঠকত আগন্তুক পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রস্তুতিৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে৷  এই বৈঠক একপ্রকাৰ আগন্তুক বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ ৰণকৌশল প্রস্তুতৰ বৈঠক হিচাপে চিহ্ণিত হয়৷ য’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিধানসভা নির্বাচনৰ পূর্বে দলীয় কর্মকতাসকলক তৎপৰ হ’বলৈ আহ্বান জনাইছে৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ ইতিমধ্যে বিভিন্ন দলৰ মাজত আৰম্ভ হৈছে তৎপৰতা৷ এইক্ষেত্রত বিজেপি অধিক আগ্রাসী হৈ পৰিছে৷ কাৰণ একমাত্র পঞ্জাবৰ বাহিৰে আন চাৰিওখন ৰাজ্যতে ক্ষমতাত আছে বিজেপি৷ গতিকে সকলো ধৰণৰ প্রত্যাহ্বান শাসকীয় দল হিচাপে বিজেপিয়ে গ্রহণ কৰিবলগীয়া হ’ব পাৰে৷ গতিকে নির্বাচনৰ বাবে এতিয়া দলীয় নেতা তথা কর্মীসকলে সন্মিলিতভাৱে সাজু হোৱাৰ সময়৷

প্রধানমন্ত্রী মোদীৰ বক্তব্যত সেই কথাৰেই অনুৰণন ঘটিছে৷ স্মর্তব্য যে আজিৰ ৰাষ্ট্রীয় কার্যনির্বাহক বৈঠকতে বিজেপিয়ে আগন্তুক পঞ্জাব বিধানসভা নির্বাচনত ৰাজ্যখনৰ প্রতিটো সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নির্বাচনৰ বিষয়টোত নজৰ ৰাখি পাঁচখন ৰাজ্যৰ জনসাধাৰণৰ সৈতে দলীয় কর্মকর্তাসকলক সম্পর্ক স্থাপন কৰাৰ আহ্বান জনাইছে৷ সর্বসাধাৰণ ৰাইজৰ সৈতে সম্পর্ক স্থাপন কৰি নির্বাচনত বিজয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ এয়া সময় বুলিও একপ্রকাৰ ইংগিত দিছে প্রধানমন্ত্রীগৰাকীয়্৷ বিজেপি এক পৰিয়ালকেন্দ্রিক ৰাজনৈতিক দল নহয় বুলি উল্লেখ কৰি সকলোকে ভিন্নতা এৰি ঐক্যবদ্ধভাৱে দলীয় স্বার্থৰ বাবে যুঁজ দিবলৈ আহ্বান জনাইছে মোদীয়ে৷

উল্লেখনীয় যে ভার্চুৱেলীৰে অনুষ্ঠিত ৰ এই গুৰুত্বপূর্ণ বৈঠকত বিজেপিশাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্রীসকলে অংশগ্রহণ কৰে৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে সোঁশৰীৰে উপস্থিত থাকে এই বৈঠকত৷

লক্ষণীয়ভাৱে কংগ্রেছশাসিত পঞ্জাবক লৈ এই বৈঠকত বিশেষভাৱে চর্চা কৰা হয়৷ ৰাজ্যখনত আগন্তুক বিধানসভা নির্বাচনত দলৰ বিজয় নিশ্চিত কৰিবলৈ পঞ্জাব বিজেপি গোটৰ মুৰব্বী অশ্বানী শর্মাক বিশেষভাৱে তৎপৰতা গ্রহণ কৰিবলৈ জ্যেষ্ঠ কেন্দ্রীয় নেতাসকলে আহ্বান জনায়৷ শর্মাই বৈঠকৰ পাছত ঘোষণা কৰে যে অহা বছৰ হ’বলগীয়া পঞ্জাব বিধানসভা নির্বাচনত ১১৭টা সমষ্টিৰ আটাইকেইটাতেই প্রার্থী প্রক্ষেপ কৰিব৷

ইফালে, ক’ভিড–১৯ মহামাৰীৰ সময়ত বিজেপিৰ কর্মীসকলে যি সেৱা আগবঢ়ালে, তাক প্রধানমন্ত্রী মোদীয়ে  বিশেষভাৱে প্রশংসা কৰা পৰিলক্ষিত হয়৷ লক্ষণীয় বিষয়টো হৈছে বিজেপি কর্মীসকলক দল আৰু সাধাৰণ জনতাৰ মাজত বিশ্বাসৰ সেতু নির্মাণ কৰিবলৈ আহ্বান জনাই দলৰ ভৱিষ্যৎ উজ্জ্বল কৰি তুলিবলৈ মোদীয়ে আজিৰ বৈঠকত সকলোকে অনুৰোধ কৰে৷ ইফালে, জনসাধাৰণৰ আস্থা সদায় বিজেপিয়ে লাভ কৰি থাকিব বুলিও প্রধানমন্ত্রীগৰাকীয়্ মন্তব্য কৰে৷ ইফালে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ১৮টা গুৰুত্বপূর্ণ বিষয়ক লৈ এক ৰাজনৈতিক প্রস্তাৱ আগবঢ়ায় আজিৰ এই বৈঠকত৷ এই প্রস্তাৱৰ প্রতি সমর্থন জনায় তামিলনাডুৰ বিজেপি গোটৰ মুৰব্বী কে আন্নামালায়ে৷

ৰাষ্ট্রীয় কার্যনির্বাহকৰ পাছতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সংবাদ মাধ্যমক জনায় যে আজিৰ বৈঠকত গ্রহণ কৰা ৰাজনৈতিক প্রস্তাৱত বিৰোধী পক্ষৰ সুবিধাবাদী ৰাজনীতি আৰু মহামাৰীৰ সময়ত জনতাৰ মাজত আতংক বিস্তাৰ কৰাৰ অপচেষ্টাক গৰিহণা দিয়া হয়৷ ইয়াৰ উপৰি পশ্চিমবংগত নির্র্বাচনোত্তৰ সংঘর্ষৰ প্রসংগৰ লগতে কৃষিখণ্ডত বিভিন্ন সহায়ৰ প্রসংগও প্রস্তাৱত উল্লেখ কৰা হয়৷ লক্ষণীয়ভাৱে পশ্চিমবংগত সংগঠনৰ বিষয় লৈ আজি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে এই বৈঠকত৷ ইফালে, কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে ক’ভিড–১৯ মহামাৰীৰ সময়ত প্রধানমন্ত্রী মোদীৰ ফলপ্রসূ নেতৃত্বক প্রশংসা কৰে৷ দেশৰ ১০০ কোটি লোকক ভেকচিন প্রদান আৰু ৮০ কোটি দুখীয়া লোকলৈ খাদ্যশস্য আগবঢ়োৱা বিষয়টোক লৈ প্রধানমন্ত্রী মোদীক বিশেষভাৱে প্রশংসা কৰে মন্ত্রীগৰাকীয়ে৷ মানৱ ইতিহাসত বৃহত্তম খাদ্যশস্য প্রদানৰ আঁচনি বুলিও অভিহিত কৰে নেতাগৰাকীয়ে৷ একে সময়তে ৰাষ্ট্রীয় নাগৰিকত্ব (সংশোধনী) আইন প্রণয়নৰ বাবেও প্রধানমন্ত্রীক প্রশংসা কৰে প্রধানে৷

লক্ষণীয়ভাৱে ৰাষ্ট্রীয় কার্যনির্বাহক বৈঠকৰ আৰম্ভণিতে দলৰ সভাপতি জে পি নাড্ডাই প্রধানমন্ত্রী মোদীক ক’ভিড–১৯ মহামাৰীৰ বাবে গ্রহণ কৰা লকডাউনৰ সিদ্ধান্তক সাহসী সিদ্ধান্ত বুলি অভিহিত কৰে৷ এনে সাহসী সিদ্ধান্তৰ বাবে প্রধানমন্ত্রীক অভিনন্দন জনায় জে পি নাড্ডাই৷ অকল সেয়াই নহয়, ক’ভিড–১৯ মহামাৰী প্রতিৰোধী লকডাউনৰ সময়ত অর্থনৈতিক ক্ষেত্রলৈ আহি পৰা প্রত্যাহ্বানৰ মোকাবিলাও মোদীয়ে সাহসিকতাৰে কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে নাড্ডাই৷ ইফালে দলৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু গুৰুত্বপূর্ণ বিষয়ক লৈ গ্রহণ কৰা নীতি সন্দর্ভতো মন্তব্য আগবঢ়ায়৷ সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলুপ্তিৰ পৰা আৰম্ভ কৰি অসম আৰু ত্রিপুৰাত শান্তি চুক্তিলৈকে সকলো দিশৰ ওপৰত বৈঠকত মন্তব্য আগবঢ়ায় নাড্ডাই৷ আজিৰ এই বৈঠকত প্রধানমন্ত্রী মোদীৰ উপৰি কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্রী উপস্থিত থাকে৷ ৰাষ্ট্রীয় কার্যনির্বাহকৰ বৈঠকত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ কেইবাটাও ৰাজনৈতিক বিষয়ে বিশেষ স্থান লাভ কৰা দেখিবলৈ পোৱা যায়৷ বড়ো শান্তি চুক্তি, ৰিয়াং চুক্তিৰ কথা বিশেষভাৱে আলোচনা হয় আজিৰ বৈঠকত৷ ইফালে, আগন্তুক মণিপুৰ বিধানসভা নির্বাচনক লৈও বিস্তৃতভাৱে আলোচনা কৰা হয় বৈঠকত৷ বিভিন্ন দিশৰ ওপৰত আজিৰ বৈঠকত আলোচনা হ’লেও মূলতঃ আগন্তুক বর্ষত হ’বলগীয়া পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন আছিল আলোচনাৰ প্রধান বিষয়৷ একপ্রকাৰ নির্বাচনৰ পূর্বে আজিৰ এই ৰাষ্ট্রীয় কার্যনির্বাহক বৈঠক বিজেপিৰ ৰণকৌশল প্রস্তুতৰ প্রথমখন বৈঠক হিচাপে চিহ্ণিত হৈছে৷ য’ত প্রধানমন্ত্রী মোদীয়ে দলীয় নেতা–কর্মীসকলক নির্বাচনৰ বাবে সাজু হ’বলৈ মুকলি আহ্বান জনালে৷

You might also like