নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সৰ পাছত ইংলেণ্ডত চাৰি সপ্তাহৰ লকডাউন ঘোষণা প্রধানমন্ত্রীৰ

ক’ভিড–১৯ৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ  ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ মহামাৰীত অভাৱনীয়ভাৱে সংকটৰ সন্মুখীন হোৱা ইউৰোপীয় দেশ ইংলেণ্ডত মহামাৰীৰ সংক্রমণৰ দ্বিতীয় পর্যায়ৰ জোৱাৰ আহি পৰিছে৷ এই দ্বিতীয় পর্যায়ৰ জোৱাৰ অহাৰ লগে লগে শংকিত হৈ পৰিছে বিশ্বৰ অন্যতম পৰাক্রমী তথা সমৃদ্ধিশালী দেশখনৰ চৰকাৰ৷ আজি দেশখনৰ প্রধানমন্ত্রী বৰিছ জনছনে পুনৰ এমাহৰ বাবে ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰিছে ইংলেণ্ডত৷ স্বাস্থ্যক্ষেত্রত সৃষ্টি হ’ব পৰা বিপর্যয় প্রতিৰোধৰ ক্ষেত্রত লকডাউন বলৱতৰ বিকল্প নাই বুলি আজি ঘোষণা কৰিছে প্রধানগৰাকীয়ে৷ এই দ্বিতীয় পর্যায়ৰ লকডাউনত বৃহস্পতিবাৰৰ পৰা বন্ধ থাকিব পাব, ৰেষ্টুৰেণ্ট, জিম তথা অত্যাৱশ্যকীয় হিচাপে চিহ্ণিত নোহোৱা দোকান–পোহাৰবোৰ৷ চাৰি সপ্তাহলৈ বন্ধ থাকিব সকলো বাণিজ্যিক প্রতিষ্ঠান৷ অর্থাৎ এই লকডাউন দেশখনত বাহাল থাকিব ২ ডিচেম্বৰ পর্যন্ত৷ চাৰি সপ্তাহৰ লকডাউনৰ পিছত দেশখনত লাহে লাহে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ঘোষণা কৰিছে প্রধানমন্ত্রী জনছনে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রীগৰাকী এইবাৰ বৰদিন পূর্বতকৈ দেশখনত পৃথক হ’ব বুলি ঘোষণা কৰিছে৷ অৱশ্যে বৰদিনত যাতে পৰিয়ালৰ লোকসকল মিলিত হ’ব পাৰে সেই দিশটোলৈ লক্ষ্য ৰাখিয়েই আগন্তুক চাৰিটা সপ্তাহ দেশখনে কঠোৰ লকডাউন মানি চলিব লাগিব বুলি উল্লেখ কৰিছে জনছনে৷ দেশবাসীৰ ওচৰত কাতৰ অনুৰোধ জনাই জনছনে এই লকডাউন মানিবই লাগিব বুলি ঘোষণা কৰিছে৷ কোনো দায়িত্বশীল প্রধানমন্ত্রীয়ে এটা মাহত কেইবাহাজাৰো লোক মহামাৰীৰ চিকাৰ হোৱাটো নিবিচাৰে বুলিও উল্লেখ কৰিছে নেতাগৰাকীয়ে৷ স্মর্তব্য যে এপ্রিল মাহত ইংলেণ্ডত ক’ভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল৷ দেশখনত এতিয়ালৈকে ১০ লাখ ১১ হাজাৰ ৬৬০গৰাকী লোক ক’ভিড মহামাৰীত আক্রান্ত হৈছে৷ অৱশ্যে ইয়াৰ গৰিষ্ঠসংখ্যকেই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ স্মর্তব্য যে ইংলেণ্ডত ক’ভিড মহামাৰীত প্রাণহানি হৈছে ৪৬,৫৫৫গৰাকী লোকৰ৷

You might also like