নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: আজি দিল্লীৰ পৰা বেংগালুৰুলৈ গৈ থকা ইণ্ডিগো বিমানত এক দুৰ্ঘটনা সংঘটিত হয়। 6E-2131 নম্বৰৰ ইণ্ডিগো বিমানখনৰ ইঞ্জিনত অগ্নিকাণ্ডৰ ফলত বিমানখনত বহি থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। কিন্তু অগ্নিকাণ্ডৰ পিছতে দিল্লী বিমানবন্দৰতেই বিমানখন ৰখাই দিয়া হয়। এই দুৰ্ঘটনাৰ পিছত বিমানখনত থকা লোকসকল আতংকিত হৈ পৰে। ইয়াৰ পূৰ্বেও এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতিৰ বাবে পথটো ডাইভাৰ্ট কৰিবলগীয়া হৈছিল। এনে অৱস্থাত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বিমান যাত্ৰাৰ সময়ত এনে ঘটনা কিমান বিপজ্জনক হ’ব পাৰে।
উল্লেখ্য যে কিছুদিনৰ পৰা বিমান যাত্ৰাৰ সময়ত বহু এনে বিক্ষিপ্ত ঘটনাৰ খবৰে সকলোকে চিন্তিত কৰি তুহিছে। স্পাইচজেট, ভিষ্টাৰা, ইণ্ডিগো আৰু গ’এয়াৰৰ বিমানতেই মানুহে সঘনাই যাত্ৰা কৰে। এই বিমানসমূহৰ পৰা এনেধৰণৰ ঘটনাৰ খবৰ ধাৰাবাহিকভাৱে আহি আছে।
মন কৰিবলগীয়া যে আজি ২৯ অক্টোবৰত ইণ্ডিগো বিমানৰ ইঞ্জিনত অগ্নিকাণ্ড, ২৮ অক্টোবৰত এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিসংগতি, একে সময়তে ২৭ অক্টোবৰত আকাশ এয়াৰৰ বিমানৰ সৈতে লগত চৰাইৰ সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে। হঠাতে এনে ঘটনা চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছে। যদিও এইবোৰ ঘটনা নিষ্পত্তি কৰা হৈছে, কিন্তু বাৰে বাৰে হোৱা অশান্তিৰ বাবে ৰাইজৰ মনত এতিয়া স্বাভাৱিকতেই ভয়ৰ সৃষ্টি হৈছে।