সেনাৰ পোছাক এৰি বাছি ল’লে বিকিনী
এইকেইদিন ব্রাজিলৰ এগৰাকী বায়ুসেনাৰ বিষয়া সংবাদ শিৰোণামত। তেওঁ বায়ুসেনাৰ সন্মানিত চাকৰি বাদ দি এডাল্ট ষ্টাৰ হোৱাৰ সিদ্ধান্ত লৈছে। সেই কথাই সকলোকে আচৰিত কৰিছে। একেছিয়া মেৰিনা জর্জ ডিনিজ ব্রাজিলৰ বায়ুসেনা বাহিনীৰ লেফটেনেন্ট আছিল। এতিয়া তেওঁ ‘কাকা ডিনিজ’ নাম লৈ নতুন পৰিচয় গঢ়িছে। য’ত বায়ুসেনাত তেওঁক সেনাৰ পোছাকত দেখা গৈছিল, সেইগৰাকী মহিলাই এতিয়া প্ৰাপ্তবয়স্ক তাৰকা ৰূপে বিকিনী পোছাকত কেমেৰাৰ সন্মুখলৈ আহিছে।
ডিনিজে কয় যে যদিও সেনাবাহিনীৰ চাকৰিত সন্মান আছিল, কিন্তু এই কামত উপাৰ্জন বহুগুণে বেছি। সেয়ে তেওঁ ম’ডেল হিচাপে আত্মপ্ৰকাশৰ সিদ্ধান্ত লৈছে আৰু onlyFans ত নিজৰ একাউণ্ট বনাই লৈছে। জর্জ ডিনিজে বায়ুসেনাৰ লেফটেনেন্ট হিচাপে ১১ বছৰ দেশ সেৱা কৰিছে।