নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ ছত্তিশগড়ৰ বিলাসপুৰৰ সমীপৰ খুটাঘাত বান্ধত সুদীর্ঘ ১৬ ঘণ্টা ধৰি পানীৰ তীব্র সোঁতৰ মাজত গছৰ ডাল এটাত হাতেৰে ধৰি এটা শিলত বহি থকা লোক এজনক আজি পুৱাৰ ভাগত বায়ুসেনাৰ হেলিকেপ্ঢাৰেৰে উদ্ধাৰ কৰা ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ স্মর্তব্য যে মুষলধাৰ বৰষুণৰ বাবেই কালি বান্ধটোৰ ওপৰেৰে পানী বাগৰি পৰে৷ সেই মুহূর্ততে বান্ধৰ পৰা তলত জঁপিওৱা ৩৪ বছৰীয়া লোকজনে ওপৰলৈ উঠি অহাৰ ক্ষেত্রত বাৰে বাৰে ব্যর্থ হয়৷
কোনোমতে শিলটোত বহি লৈ প্রাণৰক্ষাৰ প্রচেষ্টা চলায় লোকজনে৷ গ্রীষ্মৰ এক পিকনিক স্পট হিচাপে পৰিচিত এই বান্ধটোত কালি যথেষ্ট লোকৰ সমাগম হৈছিল৷ ভাৰতীয় বায়ুসেনাৰ হেলিকপ্ঢাৰে পুৱাৰ ভাগলৈ লোকজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে৷
স্মর্তব্য যে জিতেন্দ্র কাশ্যপ নামৰ এই লোকজনে বায়ুসেনাই উদ্ধাৰ কৰাৰ পাছত ছ’চিয়েল মিডিয়াত জিতেন্দ্রৰ কাহিনীয়ে শিহৰণ সৃষ্টি কৰিছে৷ ইতিমধ্যে এই ঘটনাৰ ভিডি’ ফুটেজক লৈও সৃষ্টি হৈছে চাঞ্চল্য৷