নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: ক’ঝিকোড়ত শুকুৰবাৰে সন্ধিয়া সংঘটিত ভয়ংকৰ বিমান দুর্ঘটনাত ডেৰ শতাধিক যাত্রীৰ প্রাণৰক্ষা পৰিছিল বিমানখনৰ পাইলটৰ সময়োচিত সিদ্ধান্তৰ বাবেই৷ দুর্ঘটনাত মৃত্যু হোৱা পাইলট দীপক বসন্ত সাথেই মাজ আকাশতে বিমানখনৰ ইন্ধনৰ টেংক খালী কৰাৰ ফলতে দুর্ঘটনাৰ পাছতো অগ্ণিকাণ্ড সংঘটিত হোৱা নাছিল৷ এই দাবী কৰিছে পাইলটজনৰ আত্মীয় ভাতৃ নিলেশ সাথেই৷ অধিকাংশ দুর্ঘটনাতে বিমান পতিত হোৱাৰ লগে লগে অগ্ণিকাণ্ড সংঘটিত হয়৷ যাৰ ফলত হতাহতৰ সংখ্যাও বৃদ্ধি পায়৷ কিন্তু কালি ৰানৱেৰ পৰা বাগৰি অভিশপ্ত বিমানখন দুটুকুৰা হোৱাৰ পাছতো অগ্ণিসংযোগ হোৱা নাছিল৷ শেহতীয়া তথ্য মতে, দুর্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১৮জন৷ ইয়াৰ ভিতৰত আনজন পাইলট অখিলেশ শর্মাও আছে৷ মূল পাইলট কেপ্ঢেইন দীপক বসন্ত সাথেৰ (৬০) আত্মীয় ভাতৃজনে দাবী কৰা মতে অৱতৰণৰ পূর্বে বিমানখনৰ লেণ্ডিং গীয়েৰ বিকল হৈ পৰিছিল৷ তদুপৰি বৰষুণ আৰু বতাহৰ বাবে পৰিৱেশ অতি প্রতিকূল হৈ পৰিছিল৷ বিপদৰ আগজাননী পাই পাইলটজনে ইন্ধনৰ টেংক খালী কৰাৰ সিদ্ধান্ত লৈছিল৷ দুবাৰকৈ অৱতৰণৰ চেষ্টা কৰিও প্রতিকূলতাৰ বাবে শেষ মুহূর্তত সিদ্ধান্ত সলনি কৰিছিল পাইলটে৷ বিমানবন্দৰৰ ওপৰত তিনিবাৰ পাক মৰাৰ সময়ত ইন্ধনৰ টেংক খালী কৰা হৈছিল৷ তৃতীয়বাৰ চেষ্টা চলাই বিমানখন অৱতৰণ কৰোৱা হয় যদিও পিছল ৰানৱেত নিয়ন্ত্রণ হেৰুৱাই দুর্ঘটনাত পতিত হয়৷ অৱশ্যে এইপর্যন্ত চৰকাৰীভাৱে ইন্ধনৰ টেংক খালী কৰা বা লেণ্ডিং গীয়েৰ বিকল হোৱাৰ তথ্য নিশ্চিত কৰা হোৱা নাই৷
অসামৰিক বিমান পৰিবহণ মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয় যে বিমানত পর্যাপ্ত ইন্ধন আছিল৷ তেওঁৰ মতে এই মুহূর্তত বিভিন্ন ধৰণৰ বাতৰি প্রকাশ পাইছে যদিও নিশ্চিত তথ্যৰ বাবে অনুসন্ধান সম্পূর্ণ হোৱালৈ অপেক্ষা কৰিব লাগিব৷ উল্লেখ্য যে কেৰালাত প্রচণ্ড বৰষুণ আৰু ধুমুহাই কালি দিনটো তাণ্ডৱৰ সৃষ্টি কৰিছিল৷ অৱশ্যে ইয়াৰ মাজতো বিমানৰ অহা–যোৱা বাতিল কৰা হোৱা নাছিল৷ ডুবাইৰ পৰা ক’ঝিকোড় অভিমুখী ইয়াৰ ইণ্ডিয়া এক্সপ্রেছৰ আইএক্স–১৩৪৪ বিমানখনে ১৮৪জন যাত্রী কঢ়িয়াই সন্ধিয়া প্রায় ৭.৩০ বজাত অৱতৰণৰ চেষ্টা কৰিছিল৷ দুজন পাইলটৰ লগতে চাৰিজন বিমানকর্মীক লৈ মুঠ ১৯০জন লোক আছিল ‘বন্দে ভাৰত অভিযান’ৰ ব’য়িং ৭৩৭ বিমানখনত৷ বিমানখন দুর্ঘটনাত পতিত হোৱাৰ প্রকৃত কাৰণ উদ্ঘাটনৰ বাবে ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনৰ (ডিজিচিএ) বিশেষজ্ঞৰ দল ইতিমধ্যে দিল্লী আৰু মুম্বাইৰ পৰা কাজিকোড়লৈ ৰাওনা হৈছে৷ ডিজিচিএৰ এক সূত্রই প্রকাশ কৰা মতে ৰানৱেটোৰ মুঠ দৈর্ঘ্য ২০০০ মিটাৰ যদিও অৱতৰণৰ সময়ত ইতিমধ্যে বিমানখনে ইয়াৰে ১০০০ মিটাৰ অতিক্রম কৰিছিল৷ ১০ নম্বৰ ৰানৱেত তীব্র গতিত লেণ্ডিং কৰাৰ পাছতে বিমানখনে নিয়ন্ত্রণ হেৰুৱায় আৰু ৰানৱে পাৰ হৈ প্রায় ৩০ ফুট তলত বাগৰি পৰে৷ উল্লেখ্য যে ক’ঝিকোড় বিমানবন্দৰটোত অৱতৰণৰ বাবে দেশৰ ভিতৰতে অন্যতম বিপজ্জনক বুলি ইতিপূর্বে বিশেষজ্ঞসকলে সকীয়াই দিছিল৷ দেশৰ আন দুটা বিপজ্জনক বিমানবন্দৰ হ’ল পাটনা আৰু জম্মুৰ বিমানবন্দৰ৷ ‘টেবুলটপ’ ৰানৱে হোৱাৰ বাবে ক’ঝিকোড় বিমানবন্দৰটো অৱতৰণৰ ক্ষেত্রত যথেষ্ট বিপজ্জনক বুলি ১০ বছৰ পূর্বেই বিশেষজ্ঞৰ দলে সতর্ক কৰি দিছিল৷ ২০১০ চনত মাংগালোৰুত সংঘটিত হোৱা দেশৰ অন্যতম বৃহৎ বিমান দুর্ঘটনাটোৰ পাছতে বিশেষজ্ঞসকলে এই কথা প্রকাশ কৰি বিমানবন্দৰটোত যিকোনো সময়তে ভয়ংকৰ দুর্ঘটনা সংঘটিত হ’ব পাৰে বুলি সাৱধান কৰি দিছিল৷ কিন্তু ডিজিচিএয়ে ইয়াৰ পাছতো কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ মাংগালোৰুৰ বিমানবন্দৰটোও আছিল টেবুলটপ৷ কিন্তু ক’ঝিকোড়ৰ বিমানবন্দৰটোক লৈ আন এটা প্রধান আশংকাৰ কাৰণ আছিল এয়ে যে বন্দৰটোৰ ৰানৱে প্রয়োজনতকৈ যথেষ্ট চমু৷ আনহাতে, দুর্ঘটনাৰ প্রকৃত কাৰণ উদ্ঘাটনৰ বাবে আজিৰ পৰাই প্রাথমিক অনুসন্ধান আৰম্ভ কৰিছে বিশেষজ্ঞৰ দলে৷ বৰষুণৰ মাজতে অনুসন্ধানকাৰী দলে ফ্লাইট ডাটা ৰেকর্ডাৰ আৰু ককপিট ভইচ ৰেকর্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সাধাৰণ দৃষ্টিত পাইলটৰ ভুলৰ দিশটোও অনুসন্ধানকাৰীসকলে বিবেচনা কৰিছে৷ কিয়নো প্রতিকূল পৰিৱেশত পাইলটৰ ভুল অস্বাভাৱিক নহয়৷ কিন্তু বিমানখনৰ কাৰিকৰী বিজুতিৰ দিশটোতো সমানে গুৰুত্ব দিয়া হ’ব৷ ডাটা ৰেকর্ডাৰ আৰু ভইচ ৰেকর্ডাৰৰ তথ্য বিশ্লেষণৰ পাছত এইক্ষেত্রত নিশ্চিত সিদ্ধান্তলৈ আহিব পৰা যাব৷