এয়াৰ ইণ্ডিয়াৰ বিমানলৈ ভাবুকি এছএফজেৰ
নিষিদ্ধ শিখ সংগঠনৰ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ কৰিবলৈ সষ্টম দিল্লী আৰক্ষী
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ খালিস্তান সমর্থিত এক নিষিদ্ধঘোষিত সংগঠনে এয়াৰ ইণ্ডিয়াৰ লণ্ডনলৈ যাত্রা কৰিবলগীয়া দুখন বিমানৰ সেৱা ব্যাহত কৰিব বুলি হুংকাৰ দিয়াৰ পিছতে দেশৰ ৰাজধানী মহানগৰ দিল্লীত নিৰাপত্তা ব্যৱস্থা নিশ্ছিদ্র কৰি তোলা হৈছে৷ দিল্লী আৰক্ষীয়ে আজি উল্লেখ কৰা অনুসৰি কাইলৈ লণ্ডন অভিমুখে যাত্রা কৰিবলগীয়া উৰণ সংস্থা এয়াৰ ইণ্ডিয়াৰ বিমান দুখনৰ সেৱা বিঘ্ণিত কৰিব বুলি হুংকাৰ দিছে শিখ ফৰ জাষ্টিচ (এছএফজে) নামৰ আমেৰিকাত থকা সংগঠনটোৱে৷ ইয়াৰ পিছতে আজি দিল্লী ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷ আমেৰিকাত থকা এছএফজেৰ তৰফৰ পৰা ১৯৮৪ চনৰ শিখবিৰোধী সংঘর্ষৰ বিষয়টোক আন্তর্জাতিকীকৰণ কৰিবলৈ সংঘর্ষত নিহত লোকসকলৰ পৰিয়ালক বিমানবন্দৰ দখল কৰিবলৈ আহ্বান জনাইছে৷ নিষিদ্ধঘোষিত খালিস্তান সমর্থিত আমেৰিকাৰ এই সংগঠনটোৱে ইয়াৰ পূর্বেও ভাৰতৰ বিৰুদ্ধে বিভিন্ন স্থানত কূটাঘাত চলোৱাৰ হুংকাৰ দিছিল৷ দিল্লী আৰক্ষীৰ উপায়ুক্ত ৰাজীৱ ৰঞ্জনে শিখ সংগঠনটোৰ এই ভাবুকিৰ পিছতে বিমানবন্দৰৰ নিৰাপত্তা অধিক কটকটীয়া কৰা বুলি উল্লেখ কৰিছে৷ ইফালে, লণ্ডনলৈ যাত্রা কৰিবলগীয়া বিমান দুখনৰ যাত্রীসকলৰ নিৰাপত্তাৰ বিষয়টোক লৈও গুৰুত্ব প্রদান কৰিছে আৰক্ষীয়ে৷ স্মর্তব্য যে দিল্লী আন্তর্জাতিক বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত আছে কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ)৷ আজি চিআইএছএফ, এয়াৰ ইণ্ডিয়া আৰু দিল্লী আন্তর্জাতিক বিমানবন্দৰ লিমিটেডৰ শীর্ষ বিষয়ববীয়াসকলৰ সৈতে দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে লণ্ডনগামী বিমানৰ নিৰাপত্তাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰাৰ সিদ্ধান্ত লয় দিল্লী আৰক্ষীয়ে৷