বিশেষ বাৰ্তা, ১৬ মাৰ্চঃ ঘৰত বিয়াৰ উগুলথুগুল। তেতিয়াই কৰ্মক্ষেত্ৰৰ উৰ্ধতন কৰ্তৃপক্ষৰ পৰা ফোন আহিছিল— ‘ইউক্রেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলৰ উদ্ধাৰৰ কামত যাবলৈ ইচ্ছুক নেকি?’অকনো বিলম্ব নকৰি মান্তি হৈছিল এয়াৰ ইণ্ডিয়াৰ বৈমানিক কেপ্টেইন শিবানী কালৰা। ককায়েকৰ বিয়া বাদ দি শিবানী নামিছিল ‘অপাৰেচন গংগা’ত। যুদ্ধবিধ্বস্ত ইউক্রেইনত আবদ্ধ ভাৰতীয়সকলক ওভোতাই আনিবলৈ পাঁচ বাৰ তালৈ গৈছে উদ্ধাৰকাৰী দল। শিবানীৰ জীৱনত এনে অভিজ্ঞতা এয়াই প্রথম! উদ্ধাৰ অভিযানত আগতেও গৈছিল শিবানী। ক’ভিডকালত বিদেশত আবদ্ধ ভাৰতীয়সকলক দেশলৈ ওভোতাই আনিছিল। কিন্তু যুদ্ধৰ ময়দানলৈ গৈ উদ্ধাৰ কৰাৰ সুযোগ আগতে পোৱা নাছিল। শিবানীয়ে কয়- উদ্ধাৰ কামত যাবলৈ সাজু হোৱাৰ সময়ত হঠাৎ সাৱটি ধৰে মায়ে। মা কিছু আৱেগপ্রৱণ হৈ পৰিছিল। অলপতে আন এগৰাকী বৈমানিক মহাশ্বেতা চক্রৱর্তীৰ কথা সংবাদ শিৰোণামলৈ আহিছিল। মহাশ্বেতা এটি বেচৰকাৰী সংস্থাৰ বিমানচালক (ফাৰ্ষ্ট অফিচাৰ)। ২৭ ফেব্রুৱাৰীত ফোন পাই তেওঁ চামিল হয় ‘অপাৰেচন গংগা’ত। ঘৰ এৰি যোৱাৰ আগতে মাক-দেউতাকক ক’ব পৰা নাছিল সেই কথা। মাত্ৰ কফি-বিস্কুট খায়েই ১৫-১৬ ঘণ্টা ককপিটত কটাইছিল।