নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ু প্রদূষণত ৫.২ বছৰ আয়ুস টুটিব দেশবাসীৰ

বিশ্ব স্বাস্থ্য সংস্থাৰ বায়ুমানৰ নির্দেশনাতকৈ অধিক ভাৰতত প্রদূষণ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ   বায়ু প্রদূষণৰ ফলত ভাৰতীয় লোকৰ আয়ুস ৫.২ বছৰ টুটিব৷ ইয়াৰ বিপৰীতে দেশৰ ৰাজধানী দিল্লীৰ নাগৰিকৰ আয়ুস টুটিব ৯.৪ বছৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নতুন প্রতিবেদনত এই উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ প্রতিবেদন মতে, দেশখনত ২০১৮ চনত গড় পিএম২.৫ প্রতি ঘনমিটাৰত ৬৩ মাইক্রন আছিল৷ যিটো অতি বিপজ্জনক৷ কিয়নো বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনা অনুসৰি, প্রতি ঘনমিটাৰত পিএম২.৫ ১০ মাইক্রনতকৈ বেছি হ’ব নালাগে৷ ঠিক তেনেদৰে পিএম১০ প্রতি ঘনমিটাৰত ২০ মাইক্রনতকৈ অধিক হ’ব নালাগে৷ এনে হ’লে মানৱ স্বাস্থ্যৰ প্রতি বিপজ্জনক হৈ পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনা যদি ভাৰতত সঠিকভাৱে পালন কৰিব পৰা যায়, তেতিয়াহ’লে দেশবাসীৰ গড় আয়ুস ৫.২ বছৰ বৃদ্ধি পাব৷ চিকাগো বিশ্ববিদ্যালয়ৰ শক্তি নীতি প্রতিষ্ঠানৰ দ্বাৰা অধ্যয়নৰ প্রতিবেদনত বায়ুমান জীৱন সূচাংক (একিউএলআই) ভাৰতত বৃদ্ধি পাব যদিহে প্রদূষণ হ্রাস কৰিব পৰা যায়৷ অন্যথা দেশখনৰ মানৱীয় স্বাস্থ্য অধিক সমস্যাৰ সন্মুখীন হ’ব৷ প্রতিবেদনত প্রকাশ পোৱা মতে, ১৯৯৮ চনৰ পৰা দেশত বার্ষিক বায়ু প্রদূষণ ৪২ শতাংশকৈ বৃদ্ধি হৈ আছে, যিয়ে দেশখনৰ লোকৰ গড় আয়ুস প্রতিবছৰে ১.৮ শতাংশকৈ হ্রাস কৰি আহিছে৷ দেশৰ উত্তৰ প্রান্তৰ ২৪৮ নিযুত লোকৰ গড় আয়ুস ৮ বছৰ হ্রাস পাব যদিহে বায়ু প্রদূষণৰ মাত্রা এনেদৰে চলি থাকে৷ লক্ষ্ণৌ চহৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনাতকৈ ১১ গুণ অধিক বায়ু প্রদূষণ৷ গতিকে এই চহৰখনৰ লোকৰ আয়ুস ১০.৩ বছৰ হ্রাস পাব৷ লক্ষণীয় যে দেশৰ ৰাজধানী নতুন দিল্লীৰ বায়ু প্রদূষণ অতি ভয়াৱহ৷ যদিও মাজে মাজে বায়ুমান সূচাংক হ্রাস পাই থকাৰ পৰিপ্রেক্ষিতত ৰাজধানী চহৰখনৰ নাগৰিকৰ আয়ুস ৯.৪ বছৰ হ্রাস পাব৷ অৱশ্যে বায়ু প্রদূষণ নিয়ন্ত্রণ কৰি ৰাখিব পাৰিলে এই আয়ুস ৬.৫ বছৰলৈ হ্রাস পাব৷ উল্লেখ্য যে প্রতিবেদন মতে, ১৩০ কোটি লোকৰ ৮৪ শতাংশই বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত বায়ুমানতকৈ অধিক স্থিতিত বাস কৰি আছে৷

You might also like