নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞানীৰ প্ৰতিবেদনঃ বায়ু প্ৰদূষণৰ বাবেই ৬০ লাখ শিশুৰ অকালতে জন্ম

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: বায়ু প্ৰদূষণৰ বাবে বহু লোকৰ মৃত্যু হৈছে । এই প্ৰদূষণে গৰ্ভৱতী মহিলাকো প্ৰভাৱিত কৰিছে। ২০১৯ চনত ৬০ লাখ শিশু অকালতে জন্ম হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰাঞ্চিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ শেহতীয়া গৱেষণাত এই কথা প্ৰকাশ কৰিছিল। গৱেষকসকলে ২০৪ খন দেশৰ তথ্য অন্তৰ্ভুক্ত কৰিছিল।

তেওঁলোকে প্ৰতিবেদনখনত উল্লেখ কৰিছিল যে – গৰ্ভধাৰণৰ সময়ত বিষাক্ত বায়ু প্ৰদূষণৰ বাব পিএম ২.৫ ৰ বেয়া প্ৰভাৱ পৰে। পিএম ২.৫ হৈছে এক অতি সূক্ষ্ম কণা, যাক খালি চকুৰে মনিব নোৱাৰে। গৱেষকসকলে জানিবলৈ দিয়ে যে- বায়ু প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰিলে পৰিস্থিতি অধিক বেয়া হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাই কয় – শিশু দুৰ্বল আৰু ওজন হ্ৰাস হ’লে ভিন্ন ৰোগ হ’ব পাৰে। বিশ্বজুৰি প্ৰতি বছৰে ১ নিয়ুত শিশুৰ অকাল মৃত্যু হয় । সেয়ে আগন্তুক সময়ত বায়ু প্ৰদূষণ ৰোধৰ বাবে অচিৰেই পৰিকল্পনা গ্ৰহণ কৰা উচিত।

You might also like