নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপঃ ৰোহিতৰ সৈতে অ’পেনিং কৰিব ঈশানে

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: সমাগত টি–২০ বিশ্বকাপত তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ সৈতে টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰিব আক্রমণাত্মক বাঁওহতীয়া বেটছমেন ঈশান কিষণে৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ শেহতীয়া দুখন মেচত বিস্ফোৰক বেটিঙেৰে অর্ধশতকীয় ইনিংছ খেলা উদীয়মান তাৰকাগৰাকীয়ে যোৱানিশা কয় যে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে তেওঁক অ’পেনিঙৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে৷

ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে শুকুৰবাৰে নিশা মাত্র ৩২টা বলত ৮৪ ৰানৰ অবিশ্বাস্য ইনিংছ খেলা কিষণে কোহলিৰ পৰামর্শ অনুসৰি টি–২০ বিশ্বকাপলৈ পূর্ণোদ্যমে সাজু হৈছে বুলিও উল্লেখ কৰে৷

‘সাধাৰণতে মই অ’পেনিং কৰি ভাল পাওঁ৷ কোহলিয়ে মোক বিশ্বকাপত ইনিংছ মুকলিৰ বাবে সাজু থাকিবলৈ কৈছে৷ আই পি এলৰ শেহতীয়া দুটা ইনিংছত মই স্বাভাৱিক ছন্দ ওভতাই পাইছোঁ৷ মোৰ লগতে দলৰ বাবেও এয়া শুভ সংবাদ৷ বিশ্বকাপলৈ মানসিকভাৱে সাজু হ’বলৈ মই অধিনায়ক কোহলিৰ লগতে হার্দিক পাণ্ডিয়া, ক্রুনাল পাণ্ডিয়া, কিৰণ পোলার্ড আদিৰ দৰে তাৰকাৰ সৈতে মন বিনিময় কৰিছোঁ৷’ – ঈশান কিষণে এইদৰে কয়৷

উল্লেখ্য যে ভাৰতীয় দলত এই মুহূর্তত ৰোহিত শর্মা আৰু লোকেশ ৰাহুলৰ দৰে অভিজ্ঞ অ’পেনাৰ আছে যদিও নতুন ৰণনীতিৰ অংশ হিচাপে বাঁওহতীয়া বেটছমেন ঈশান কিষণে ৰোহিতৰ সৈতে ইনিংছ মুকলিৰ সুযোগ পাব পাৰে৷

You might also like