নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ঐতিহ্য দিৱস বিশেষঃ বিল অনাদায়, অজন্তাৰ গুহাত তিনি বছৰে পানী যোগান ব্যাহত

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ আজি বিশ্ব ঐতিহ্য দিৱস। এনে সময়তে দেশৰ এটি বিখ্য়াত ঐতিহ্যক্ষেত্ৰ অজন্তাৰ গুহাক লৈ এক সংবাদ সদৰি হৈছে। চৰকাৰে কিমান গুৰুত্ব দিছে ঐতিহ্যক্ষেত্ৰবোৰৰ সংৰক্ষণত সেই প্ৰশ্নই উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাৰ বিখ্য়াত অজন্তাৰ গুহা চৌহদত পানী যোগান নোহোৱাৰ বাবে লেণ্ডস্কেপিং আৰু বাগিচাৰ কামত প্ৰভাৱ পৰিছে। উল্লেখনীয় যে, ২০১৯ চনৰ পৰাই পানী যোগান ব্যাহত হৈ আছে অজন্তাত। ইয়াৰ কাৰণ হ’ল বিল অনাদায়। যাৰ বাবে ২০১৯ চনতে কৰ্তন কৰা হৈছে পানী যোগান। পুৰাতত্ত্ব বিভাগৰ কৰ্মকৰ্তাই প্ৰকাশ কৰা অনুসৰি কেনেবাকৈ গুহাৰ ভিতৰৰ প্ৰাকৃতিক উতসৰ পৰা খোৱাপানীৰ ব্যৱস্থা তেওঁলোকে কৰিব পাৰিছে যদিও বাকী কাম পৰি ৰৈছে। ৰাজ্যিক পৰ্যটন মন্ত্ৰীয়ে যোৱা জানুৱাৰীত এই স্থান পৰিদৰ্শন কৰি সকলো কথা অৱগত হোৱাৰ পাছতো কামবোৰ সমাধা নহ’ল। অজন্তাত পানী যোগানৰ বাবে মহাৰাষ্ট্ৰ জীৱন প্ৰাধিকৰণে মহাৰাষ্ট্ৰ পৰ্যটন উন্নয়ণ বিভাগৰ পৰা পাবলৈ আছে ৩.২ কোটি টকা।

You might also like