নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিৰিয়াত বোমা আক্রমণত আল–কায়দাৰ ৭ জ্যেষ্ঠ নেতা নিহত

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াৰ ইডলিব প্রদেশত আমেৰিকাৰ বোমা আক্রমণত আল–কায়দাৰ সাতজন জ্যেষ্ঠ নেতা নিহত হোৱা বুলি দেশখনৰ সেনাই সদৰী কৰিছে৷ ইডলিবত এক বৈঠকত মিলিত হোৱাৰ সময়তে মার্কিন বাহিনীয়ে আকাশমার্গৰ পৰা বোমাবর্ষণ কৰিছিল অঞ্চলটোত৷ আমেৰিকাৰ চেণ্ড্রেল কমাণ্ডে এই তথ্য সদৰী কৰিছে যদিও আল–কায়দাই কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

মার্কিন বাহিনীৰ চেণ্ড্রেল কমাণ্ডৰ মুখপাত্র মেজৰ ৰি’ডানে উল্লেখ কৰা অনুসৰি যোৱা ২২ অক্টোবৰত আল–কায়দাৰ ঘাটিত বোমাবর্ষণ কৰা হৈছিল৷ অৱশ্যে মেজৰ বেথে নিহত সন্ত্রাসবাদীকেইজনৰ্ পৰিচয় সদৰী কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু নিহত সদস্যকেইজন আল–কায়দাৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ আছিল বুলি মুখপাত্রগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ আমেৰিকান নাগৰিকসকলৰ ওপৰত আক্রমণ চলোৱাৰ সঘনে ভাবুকি দি আহিছে কুখ্যাত সন্ত্রাসবাদী নেটৱর্ক আল–কায়দাই৷

You might also like