নিয়মীয়া বাৰ্তা ২৮ জুনঃ কুখ্যাত ইছলামিষ্ট সন্ত্রাসবাদী সংগঠন আল– ছাবাবৰ ২১ সদস্যক আজি মৃত্যুদণ্ড বিহিছে আফ্রিকান ৰাষ্ট্র ছোমালিয়াই৷ ছোমালিয়াৰ পাণ্টলেণ্ড প্রদেশত কেইবাটাও নৰসংহাৰৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল এই সন্ত্রাসবাদীকেইটাক৷ উল্লেখনীয় যে সামৰিক আদালত এখনে সন্ত্রাসবাদীকেইটাক দোষী সাব্যস্ত কৰিছিল৷ গালকায়ো চহৰৰ সামৰিক আদালতখনে বিচাৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি সন্ত্রাসবাদীকেইটাক দোষী সাব্যস্ত কৰাৰ পিছত ছোমিয়াৰ জনসাধাৰণে তাক আদৰণি জনাইছিল৷ দেশখনৰ চৰকাৰী ৰেডি’ই সদৰী কৰা অনুসৰি দোষী সাব্যস্ত হোৱা সন্ত্রাসবাদীকেইটাৰ ১৮টা বিগত এটা দশকতকৈ অধিক কাল ধৰি দেশখনত কেইবাশও লোকৰ হত্যাত জড়িত আছিল৷ আনফালে, দেশজুৰি পাশৱিক বোমা বিস্ফোৰণৰ ঘটনাতো জড়িত আছিল এই সন্ত্রাসবাদীকেইটা৷
উল্লেখনীয় যে ছোমিয়াৰ উত্তৰ প্রান্তত সেনা ঘাটিতো বোমা আক্রমণত জড়িত হৈ আছিল আজি মৃত্যুদণ্ড কার্যকৰী কৰা সন্ত্রাসবাদীকেইটা৷ দীর্ঘদিন ধৰি ছোমালিয়াত ৰক্তক্ষয়ী আক্রমণ চলাই অহা কুখ্যাত আল–ছাবাবৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ লগে লগে আন্তর্জাতিক সম্প্রদায়ে দেশখনৰ চৰকাৰক প্রশংসা কৰিছে৷ বি বি চিৰ আফ্রিকাৰ সম্পাদক উইল ৰ’ছে উল্লেখ কৰা অনুসৰি বর্তমানো আল–ছাবাব ছোমালিয়াৰ সুস্থিৰতাৰ বাবে ভাবুকি স্বৰূপ হৈ আছে৷ দেশখনত দক্ষিণ আৰু মধ্যপ্রান্তত আছিল কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৰ নিয়ন্ত্রণ৷ স্মর্তব্য যে ইছলামিক ষ্টেটকে ধৰি কুখ্যাত জেহাদী সংগঠনসমূহৰ সৈতে আল–ছাবাবৰ আছে সম্পর্ক৷ অকল ছোমালিয়া বুলিয়েই নহয়, কুখ্যাত জেহাদী সংগঠনটোৱে আফ্রিকাৰ বিভিন্ন দেশত সাংগঠনিক ভেটি বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গতিকে সমগ্র আফ্রিকাৰ বাবেই এতিয়া আল–ছাবাব হৈ পৰিছে আতংক৷