নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলন মাস্কে দুদিনত হেৰুৱালে ৫০ বিলিয়ন মার্কিন ডলাৰ

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ টেছলাৰ ইনক’পৰেচনৰ শ্বেয়াৰ বিগত দুদিন ধৰি নিম্নগামী হোৱাৰ বাবেই বিশ্বৰ ধনাঢ়্য ব্যক্তি এলন মাস্কে হেৰুৱালে ৫০ বিলিয়ন মার্কিন ডলাৰ৷ ব্লুমবার্গ বিলিয়নার্ছ ইনডেস্কৰ ইতিহাসত বিগত দুদিনত টেছলাৰ শ্বেয়াৰ বজাৰ নিম্নগামী হোৱাটো সর্বাধিক৷ ইয়াৰ পূর্বে ২০১৯ চনত বিশ্বৰ ধনাঢ়্য ব্যক্তি জেফ বেজছৰ এদিনতে ৩৬ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তি হ্রাস পাইছে৷ উক্ত চনত জেফ বেজছে পত্নী মেকেঞ্জি স্কটৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল৷ মন কৰিবলগীয়া যে দুদিন ধৰি টেছলাৰ শ্বেয়াৰ বজাৰ নিম্নগামী হৈ এলন মাস্কে ৫০ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তি হেৰুৱালেও মহাকাশ কোম্পানী স্পেচ এক্সৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত মাস্কৰ সম্পত্তি চলিত বর্ষত ৭০ শতাংশ বৃদ্ধি হৈ আছে৷ মন কৰিবলগীয়া যে জেফ বেজছক অতিক্রম কৰি বিশ্বৰ এক নম্বৰ ধনাঢ়্য ব্যক্তিৰূপে স্বীকৃত হোৱা টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ এতিয়াও জেফ বেজছতকৈ ৮৩ বিলিয়ন মার্কিন ডলাৰ অধিক হৈ আছে৷ এক নম্বৰ ধনী হিচাপে স্বীকৃত মাস্কৰ সম্পত্তিৰ পৰিমাণ বেজছৰ সম্পত্তিত কৈ ১৪৩ বিলিয়ন মার্কিন ডলাৰ অধিক আছিল৷ কিন্তু টেছলাৰ শ্বেয়াৰ বজাৰ নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতত সম্পত্তি বেজছতকৈ মাত্র ৮৩ বিলিয়ন মার্কিন ডলাৰহে বেছি হৈ আছে৷ তাৎপর্যপূর্ণ যে যান–বাহন কোম্পানী টেছলাৰ বজাৰ মূল্য এক ত্রিলিয়ন মার্কিন ডলাৰতকৈ অধিক৷

You might also like