নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দমকল মাৰিলে ওলায় পানীৰ পৰিৱর্তে মদ; মধ্যপ্রদেশৰ ঘটনাক লৈ তীব্র চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ টিউবৱেল বা দমকল মাৰিলেই পানী নহয়, কেৱল ওলায় মদ এই আজব কাণ্ডৰ সাক্ষী হ’ল মধ্যপ্রদেশৰ আৰক্ষী৷ ৰাজ্যখনৰ গুণা অঞ্চলত অবৈধ সুৰাৰ ব্যৱসায়ক লৈ তদন্ত চলাই দুখন গাঁৱত এনেধৰণৰ টিউবৱেলৰ সন্ধান পালে আৰক্ষীয়ে৷ দেখা গ’ল মাটিৰ ৭ ফুট তলত ড্রামে ড্রামে সুৰা লুকুৱাই ৰখা হৈছে৷ আৰু ইয়াৰ ওপৰত আছে টিউবৱেল৷ আৰক্ষীয়ে সমস্ত সুৰা বাজেয়াপ্ত কৰি নষ্ট কৰা বুলি ঘোষণা কৰিছে৷ সংবাদ সংস্থা এ এফ পিৰ সূত্রই সদৰী কৰা অনুসৰি অঞ্চলটোত এনেদৰে সুৰাৰ গোপন ব্যৱসায় চলি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ ইয়াৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত৷ হেণ্ডপাম্পৰ ভিতৰৰ পৰা মদ ওলাই অহাৰ পিছত সমগ্র বিষয়টোক লৈ আৰক্ষীৰ মাজত সৃষ্টি হয় কৌতূহল৷ উল্লেখনীয় যে দমকল মাৰি এনেদৰে সুৰা উলিয়াই পেকেটত ভৰাই বিক্রী কৰি আহিছে একাংশ ক’লা ব্যৱসায়ীয়ে৷ আৰক্ষীয়ে ইতিমধ্যে এই অবৈধ সুৰা ব্যৱসায়ৰ সৈতে জড়িত ৮গৰাকী লোকক চিনাক্ত কৰিছে৷ অৱশ্যে কোনো অভিযুক্তকেই এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাই৷ উল্লেখনীয় যে যি দুখন গাঁৱত তালাচী চলাই দমকলৰ পৰা এনেদৰে মদ বাহিৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে, সেই গাঁও দুখনৰ প্রতিটো পৰিয়ালেই দেশীয় সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে৷ পাছফালৰ অৰণ্যত সাধাৰণতে সুৰা লুকুৱাই ৰাখে বাসিন্দাসকলে৷

You might also like