আলিবাবা–জেক মালৈ চমন গুৰুগ্রাম আদালতৰ
নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ চীনৰ ই–কমার্চ কোম্পানী আলিবাবা আৰু কোম্পানীটোৰ প্রতিষ্ঠাতা জেক মালৈ চমন জাৰি কৰিছে গুৰুগ্রামৰ জিলা আদালতে৷ কোম্পানীটোৰ ভাৰতত কর্মৰত এজন প্রাক্তন কর্মচাৰীয়ে কোম্পানীটোৱে চেঞ্চৰ কৰি কোম্পানীটোৰ এপত ভুৱা বাতৰি প্রচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে আদালতে এই চমন জাৰি কৰিছে৷ আলিবাবা ইউ চি ৱেবৰ পুষ্পেন্দ্র সিং পার্মাৰ নামৰ প্রাক্তন কর্মচাৰীজনে অভিযোগ কৰা মতে, কোম্পানীটোৰ এপছত ইউ চি ব্রাউজাৰ আৰু ইউ চি নিউজত কোম্পানীটো সন্দর্ভত যি প্রচাৰ কৰা হয় সেয়া ভুৱা৷ এই ভুৱা বাতৰিৰ বাবে সামাজিক আৰু ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে বুলিও অভিযোগ কৰে প্রাক্তন কর্মচাৰীজনে৷ উল্লেখ্য যে ভাৰতে টিকটক, ইউ চি ব্রাউজাৰকে ধৰি ৫৯টা চীনা এপ নিষিদ্ধ কৰিছিল৷ ইয়াৰ পিছতেই আলিবাবাই ইউ চি ব্রাউজাৰত ভুৱা বাতৰি প্রচাৰ কৰিবলৈ আৰম্ভ কৰে৷